কলিয়াবৰত অসম প্ৰিমিয়াৰ ক্লাব লীগ চেম্পিয়নশ্বিপৰ জিলা পৰ্যায়ৰ খেল

কলিয়াবৰত অসম প্ৰিমিয়াৰ ক্লাব লীগ চেম্পিয়নশ্বিপৰ জিলা পৰ্যায়ৰ খেল

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ

অসমত ক্ৰিকেটৰ বিকাশৰ বাবে অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা অসম ক্ৰিকেট সন্থাই আয়োজন কৰিব অসম প্ৰিমিয়াৰ ক্লাব লীগ চেম্পিয়নশ্বিপ। অসম ক্ৰিকেট সন্থাৰ অধীনত থকা প্ৰত্যেকখন জিলাই অনুষ্ঠিত কৰিব বিচৰা এই প্ৰতিযোগিতাখনত আজি ১৯ বছৰে খেলি অহা কলিয়াবৰ জিলা ক্ৰিকেটক প্ৰথমবাৰৰ বাবে অসম ক্ৰিকেট সন্থাই আৰ্থিক সহযোগিতা আগবঢ়াব। কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ ক্ৰিকেট বিভাগে ইতিমধ্যে ক্লাবসমূহৰ মাজত সভা অনুষ্ঠিত কৰি খেলপথাৰ মেৰামতি আৰু পিট্‌ছ নিৰ্মাণৰ কামত অগ্ৰসৰ হৈছে।

অহা ১৫ ফেব্ৰুৱাৰী তাৰিখে অসমৰ অসম ক্ৰিকেট সন্থাৰ অন্তৰ্গত জিলাসমূহত এই চেম্পিয়নশ্বিপৰ খেলসমূহ পুৱা ৮.৪৫ বজাত একে সময়তে আৰম্ভ হ'ব বুলি কলিয়াবৰ ক্ৰিকেটৰ বিষয়ববীয়া মণিমাধৱ মহন্তৰ পৰা জানিব পৰা গৈছে। কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ অন্তৰ্গত মুঠ ১০টা ক্লাবে নাগশঙ্কৰস্থিত ডাঃ টি আও গ্ৰাম‍্য ক্ৰীড়াঙ্গণত অনুষ্ঠিত হ'বলগীয়া খেলসমুহত অংশ ল'ব। জিলা ক্ৰীড়া সন্থাৰ প্ৰতিটো ক্লাব আৰু ক্ৰীড়াপ্ৰেমীৰ আন্তৰিক সহযোগিতাই গ্ৰামাঞ্চলত সোমাই থকা ক্ৰীড়া প্ৰতিভাসমূহক ৰাষ্ট্ৰীয় পৰ্যায়লৈ উত্তৰণ ঘটাব বুলি কলিয়াবৰ জিলা ক্ৰীড়া সন্থা আশাবাদী।
 

Your Comments