কলিয়াবৰত আন্তঃক্লাব বেডমিণ্টন চেম্পিয়নশ্বিপৰ সামৰণি

কলিয়াবৰত আন্তঃক্লাব বেডমিণ্টন চেম্পিয়নশ্বিপৰ সামৰণি

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ

কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ উদ‍্যোগত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা আন্তঃক্লাব বেডমিণ্টন চেম্পিয়নশ্বিপৰ শুকুৰবাৰে অন্ত পৰে। কলিয়াবৰ মহাবিদ‍্যালয় ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত এই প্ৰতিযোগিতাত মুঠ বাৰটা ক্লাবে অংশগ্ৰহণ কৰে। ব‍্যক্তিগত মহিলা শাখাত চেম্পিয়নশ্বিপ অৰ্জন কৰে ফ্ৰেণ্ডশ্বীপ ক্লাবৰ মণীষা দে'য়ে। মণীষাই স্পৰ্টছ একাডেমী অব্‌ কলিয়াবৰৰ বিষ্ণুপ্ৰিয়া বৰুৱাক পোণপটীয়া গেমত পৰাস্ত কৰে। পুৰুষৰ শাখাত দলীয় চেম্পিয়নশ্বিপ অৰ্জন কৰে শাকমুঠি চাহ বাগিচাৰ উদয়ন ক্লাবে। ৰাণাৰ্ছ-আপ হয় নিউ ষ্টাৰ ক্লাব।

চেম্পিয়ন উদয়ন ক্লাবৰ হৈ অংশগ্ৰহণ কৰে প্ৰজ্ঞাভ নীল কলিতা, তনুজ ৰয় আৰু তামিম হকে। আনহাতে, পল্লৱ প্ৰাণ বৰা, বিকি ৰাজ বৰা আৰু আৰিফ শ্বাহ আলমে ৰাণাৰ্ছ-আপ হয়৷ আটায়ে নিউ ষ্টাৰ ক্লাবৰ হৈ অংশ লয়। শুকুৰবাৰে নিশা অনুষ্ঠিত চূড়ান্ত খেলত কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা স্থানীয় বিধায়ক কেশৱ মহন্ত উপস্থিত থাকি খেলুৱৈসকলক উৎসাহ দিয়ে। খেলৰ অন্তত বিজয়ী খেলুৱৈসকলক বঁটা প্ৰদান কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি মণিমাধৱ মহন্তই।

Your Comments