সক্ৰিয় ৰাজনীতিলৈ এম জি ভি কে ভানু : ১১ ফেব্ৰুৱাৰীত কংগ্ৰেছত যোগদান

সক্ৰিয় ৰাজনীতিলৈ এম জি ভি কে ভানু : ১১ ফেব্ৰুৱাৰীত কংগ্ৰেছত যোগদান

অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া এম জি ভি কে ভানুৰ সক্ৰিয় ৰাজনীতিত পদাৰ্পণ অৱশেষত নিশ্চিত হৈছে। অহা ১১ ফেব্ৰুৱাৰীত তেওঁ কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰিব। ভানুৰ কংগ্ৰেছ যাত্ৰা ৰাজনৈতিকভাৱে যথেষ্ট তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। কিয়নো আসন্ন লোকসভা নিৰ্বাচনত ভানু হ'ব তেজপুৰ সমষ্টিৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ এজন শক্তিশালী দাবীদাৰ। তেজপুৰৰ ৰাইজৰ স'তে থকা দীঘলীয়া সম্পৰ্কৰ সূত্ৰে তেওঁ তেজপুৰবাসীৰ মাজত যথেষ্ট জনপ্ৰিয়। 

সক্ৰিয় ৰাজনীতিলৈ এম জি ভি কে ভানু : ১১ ফেব্ৰুৱাৰীত কংগ্ৰেছত যোগদান

এগৰাকী সুদক্ষ আই এ এছ বিষয়া হিচাপে পৰিচিত এম জি ভি কে ভানুৰ ঘৰ অন্ধ্ৰ প্ৰদেশত। ১৯৮৫ চনত ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদান কৰা ভানুৱে এসময়ত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আয়ুক্ত সচিবৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল। সেই সময়ত লোৱা কেতবোৰ কঠোৰ প্ৰশাসনিক পদক্ষেপৰ বাবে তেওঁ বহু বিয়াগোম ৰাজনীতিক তথা বিষয়াৰ বাবে হৈ পৰিছিল মূৰৰ কামোৰণি স্বৰূপ। বৰ্তমানৰ সোণোৱাল চৰকাৰৰ কাৰ্যকালত তেওঁ অতিৰিক্ত মুখ্য সচিব পদত নিযুক্ত হয়। যোৱা ২০১৮ বৰ্ষৰ ৩১ জুলাইত অৱসৰ গ্ৰহণ কৰে আই এ এছ বিষয়াগৰাকীয়ে।

Your Comments