শংকৰ সংঘৰ অধিবেশনত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ কৰ্কট ৰোগৰ সজাগতা অভিযান 

শংকৰ সংঘৰ অধিবেশনত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ কৰ্কট ৰোগৰ সজাগতা অভিযান 

অধিবেশনস্থলীৰ পৰা বিশেষ প্ৰতিবেদক

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আজিৰে পৰা মৰিগাঁৱত আৰম্ভ হোৱা ৮৮সংখ্যক বাৰ্ষিক অধিবেশনত কেন্সাৰ কেয়াৰ ফাউণ্ডেচন (এ চি চি এফ)-এ কৰ্কট ৰোগৰ বিৰুদ্ধে এক সজাগতামূলক অভিযান চলায়। আজিৰে পৰা অহা ৯ ফেব্ৰুৱাৰীলৈ হ'বলগীয়া অধিবেশনৰ ৪ দিনীয়া কাৰ্যসূচীৰ আটাইকেইদিনে এ চি চি এফৰ উদ্যোগত ৰাষ্ট্ৰীয় সেৱা যোজনাৰ (এন এছ এছ) স্বচ্ছাসেৱীসকলে এই অভিযান চলাব। অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচীত  এ চি চি এফে ৩০ বছৰ ঊৰ্ধ্বৰ লোকৰ মুখমণ্ডল, গৰ্ভাশয় আৰু স্তনৰ কৰ্কট ৰোগৰ চিত্ৰ প্ৰদৰ্শন কৰি ধঁপাতৰ পৰা হ'ব পৰা এই ব্যাধিৰ বিৰুদ্ধে সজাগতা অনাৰ চেষ্টা কৰে।

তদুপৰি, জিলা ধঁপাত নিয়ন্ত্ৰণ কোষ, এন এছ এছৰ স্বেচ্ছাসেৱী আৰু আৰক্ষীৰ সহযোগত অধিবেশনস্হলীক ধঁপাতমুক্ত এলেকালৈ ৰূপান্তৰিত কৰাৰো প্ৰয়াস কৰে এ চি চি এফে। সংঘৰ ৮৮সংখ্যক বাৰ্ষিক অধিবেশনৰ জৰিয়তে এ চি চি এফে মৰিগাঁৱৰ স্হানীয় লোকক একগোট কৰি তেওঁলোকৰ সহযোগত অধিবেশনলৈ অহা লোকক কৰ্কট ৰোগৰ বিষয়ে সজাগ কৰাৰ চেষ্টা কৰে। মৰিগাঁও মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনাৰ স্বেচ্ছাসেৱীসকলে মানুহৰ মাজত প্ৰত্ৰিকাও বিতৰণ কৰে।

শংকৰ সংঘৰ অধিবেশনত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ কৰ্কট ৰোগৰ সজাগতা অভিযান 

তদুপৰি, স্বেচ্ছাসেৱীসকলে আৰক্ষী প্ৰশাসনৰ সহযোগত অধিৱেশনস্হলীক ধঁপাতমুক্ত এলেকা হিচাপে গঢ় দিয়াত গুৰুত্ব প্ৰদান কৰে। আনহাতে, অধিবেশনত প্ৰায় ৫ হেজাৰ লোকৰ উপস্হিতিত বিশেষজ্ঞই ধঁপাত নিয়ন্ত্ৰণ আৰু মুখৰ কৰ্কট ৰোগৰ বিষয়ে বক্তব্যও দাঙি ধৰে।  এ চি চি এফৰ মুখ্য কাৰ্যবাহী বিষয়া ৱাৰা প্ৰসাদে কয় যে অসমত কৰ্কট ৰোগ দ্ৰুত গতিত বৃদ্ধি পাইছে। প্ৰতিবছৰে অধিক হাৰত পোহৰলৈ আহিছে নতুনকৈ কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ তথ্য। অসমৰ যুৱচামে  অধিক মাত্ৰাত ধঁপাত সেৱন কৰাটোৱে মূল কাৰণ বুলি উল্লেখ কৰে মুখ্য কাৰ্যবাহীজনে।

শংকৰ সংঘৰ অধিবেশনত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ কৰ্কট ৰোগৰ সজাগতা অভিযান 

তেওঁ কয় যে অসমৰ ৪৮.২ % লোকে ধঁপাত সেৱনৰ ফলতেই প্ৰতিবছৰে  ৩২ হেজাৰ নতুনকৈ কৰ্কটত আক্ৰান্ত ৰোগী চিনাক্ত হয়। 
  সেয়েহে  মানুহৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত অংশগ্ৰহণ কৰা লোকক ধঁপাত নিয়ন্ত্ৰণ আৰু কৰ্কট ৰোগৰ বাবে ল'বলগীয়া সাৱধনতাৰ বাবে এন এছ এছৰ স্বচ্ছাসেৱকসকলে পত্ৰিকা বিতৰণ কৰাৰ লগতে বেনাৰ-পোষ্টাৰ আদিও আঁৰি দিয়ে অধিবেশনস্হলীত। তদুপৰি, অধিবেশনত যুৱ-প্ৰজন্মৰ মাজত আলোচনা, ফটো ক'লাজ প্ৰস্তুত আদিৰে কৰ্কটৰ বিৰুদ্ধে সজাগতা অনাৰ প্ৰয়াস কৰে এ চি চি এফে। আনহাতে, অধিবেশনত অংশগ্ৰহণ কৰা লোকৰ মাজত বাটৰ নাট প্ৰদৰ্শন কৰে। 

Your Comments