ভোটেপোৱাবড়ীত অনুষ্ঠিত প্ৰাইজমানী বেডমিণ্টন খেলৰ সামৰণি

ভোটেপোৱাবড়ীত অনুষ্ঠিত প্ৰাইজমানী বেডমিণ্টন খেলৰ সামৰণি

জালাহৰ পৰা গুঞ্জন দাস

যোৱা ২ ফেব্ৰুৱাৰীৰ পৰা ভোটেপোৱাবড়ী শ্ৰীশ্ৰীনৰসিংহ কীৰ্তন ঘৰ প্ৰাঙ্গণত ভোটেপোৱাবড়ী আঞ্চলিক বেডমিণ্টন ক্লাবৰ উদ্যোগত অনুষ্ঠিত প্ৰাইজমানী বেডমিণ্টন প্ৰতিযোগিতাখন ৪ ফেব্ৰুৱাৰীত বিপুল দৰ্শকৰ উপস্থিতিত সমাপ্ত হয়। সৰ্বমুঠ ৩৪টা দলৰ মাজত অনুষ্ঠিত উক্ত প্ৰতিযোগিতাখনৰ ১ম পুৰস্কাৰ লাভ কৰে পাঠশালাৰ কৌস্তভ দেৱচৌধুৰী আৰু কঙ্কন দাসে৷

ভোটেপোৱাবড়ীত অনুষ্ঠিত প্ৰাইজমানী বেডমিণ্টন খেলৰ সামৰণি

বিজয়ীসকলে ট্ৰফী, মেডেলসহ নগদ ৫,০০১ টকা লাভ কৰে৷ দ্বিতীয় পুৰস্কাৰ লাভ কৰে ভোটেপোৱাবড়ীৰ প্ৰাঞ্জল দাস আৰু হীৰকজ্যোতি দাসে৷ পুৰস্কাৰ হিচাপে তেওঁলোকে লাভ কৰে ট্ৰফীসহ নগদ ৩,০০১ টকা।

ভোটেপোৱাবড়ীত অনুষ্ঠিত প্ৰাইজমানী বেডমিণ্টন খেলৰ সামৰণি

প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে কৌস্তভ দেৱচৌধুৰীয়ে।

Your Comments