গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
গণতান্ত্ৰিক পদ্ধতিৰে প্ৰতিবাদ কৰা তথা শিক্ষাৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়াৰ আহ্বানেৰে আজি গোলাঘাটৰ বগৰীজেঙস্থিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ শুভ উদ্বোধন কৰে অসমৰ মুখ্য মন্ত্ৰী সৰ্ব্বানন্দ সোণোৱালে। ইফালে মুখ্য মন্ত্ৰীৰ আগমন আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰি গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাই উত্তাল কৰে গোলাঘাট চহৰৰ ৰাজপথ। সেৰেঙা মানুহৰ উপস্থিতিত অনুষ্ঠিত শুভ উদ্বোধনী অনুষ্ঠানটিত মুখ্য মন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ বুনিয়াদী শিক্ষা প্ৰদানত অধিক মনোনিবেশ কৰিবলৈ আহ্বান জনায় অভিভাৱকসকলক।
ইয়াৰ লগতে অসম চুক্তিৰ আধাৰত নিৰ্মাণ হোৱা নুমলীগড় তেল শোধনাগাৰৰ পৰা উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে অভিযন্তাসকলক এতিয়াৰে পৰা প্ৰস্তুত হ'বলৈ আহ্বান জনায়। আগন্তুক সময়ত যাতে এইসকল ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন তথা কঠোৰ শ্ৰমেৰে নিজক নিয়োজিত কৰিব পাৰে, চৰকাৰে আন্তঃগাঁথনি বা শিক্ষক নিযুক্তি দিব পাৰে। কিন্তু দক্ষতা বৃদ্ধিৰ বাবে অভিভাৱকৰ দায়িত্ব অধিক বুলি তেওঁ ব্যক্ত কৰে।
প্ৰতিযোগিতাৰ পৃথিৱীত শিক্ষাৰ যোগেদি মানসিক শক্তি বৃদ্ধি কৰিবলৈ প্ৰতিজন শিক্ষাৰ্থীয়ে কেৱল অধ্যয়নত মনোনিবেশ কৰিব লাগে। ভাৰত ৰত্ন ডাঃ ভূপেন হাজৰিকাৰ উদ্ধৃতি দি মুখ্য মন্ত্ৰীয়ে কয় যে সঠিক উৎকৰ্ষ সাধনৰ যোগেদি জিলিকাব লুইতৰে পাৰ আৰু একোজন সু-নাগৰিকৰূপে পৰিগণিত হ'ব। দেশৰ ভৱিষ্যৎস্বৰূপ ছাত্ৰ-ছাত্ৰীৰ সহযোগ দেশৰ উন্নয়নৰ চাবিকাঠি। ইয়াৰ লগতে মুখ্য মন্ত্ৰীক সংগ দি গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগে ২০১২ চনত আৰম্ভ হোৱা এই প্ৰকল্পত জড়িত প্ৰতিজন ভূমিদাতা, অভিযন্তা, শ্ৰমিকক ধন্যবাদ জ্ঞাপন কৰে।
উল্লেখ্য যে বিধায়িকাগৰাকীৰ প্ৰচেষ্টাতাতে এই অভিযান্ত্ৰিক মহাবিদ্যালয়খনি স্থাপন হ'ল। বিধায়িকাগৰাকীয়ে মহাবিদ্যালয়খনি অসমৰ মুখ্য মন্ত্ৰীয়ে শুভ উদ্বোধন কৰাত তেওঁকো ধন্যবাদ জ্ঞাপন কৰে। গোলাঘাটৰ উন্নয়নত বিগত সময়ৰ নমস্য ব্যক্তিসকলৰ ত্যাগ, অৱদানক স্মৰণ কৰে। আজিৰ অনুষ্ঠানত মুখ্য মন্ত্ৰীৰ লগত উপস্থিত থাকে ৰাজ্যৰ শিক্ষা আৰু আইনমন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য।
- Log in to post comments
- 18 views