সাৰদা কেলেংকাৰীত জড়িত হিমন্ত বিশ্ব সম্পৰ্কত চিবিআই নিমাত কিয় : প্ৰদ্যুৎ বৰদলৈ

সাৰদা কেলেংকাৰীত জড়িত হিমন্ত বিশ্ব সম্পৰ্কত চিবিআই নিমাত কিয় : প্ৰদ্যুৎ বৰদলৈ

দেশ কঁপোৱা সাৰদা কেলেংকাৰীত অসমৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জড়িত বুলি পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে দেওবাৰে এক ৰাজহুৱা সভাত ঘোষণা কৰিছিল। মুখ্য মন্ত্ৰীগৰাকীৰ বিস্ফোৰক ভাষ্যৰ এদিনৰ পাছতে সোমবাৰে এই সম্পৰ্কত মুখ খুলিছে অসম প্ৰদেশ কংগ্ৰেছে। গুৱাহাটীস্থিত অসম প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত বহুবল্কী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা একালৰ সতীৰ্থ মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈয়ে সোমবাৰে এক সংবাদমেল সম্বোধন কৰে।

উক্ত সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সাৰদা কেলেংকাৰী আৰু লুইচ বাৰজাৰ কেলেংকাৰী সম্পৰ্কত কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। সংবাদমেল সম্বোধন কৰি প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈয়ে বিজেপি দলক সমালোচনা কৰি কয় যে বিজেপি এতিয়া এনেকুৱা এটা ৰাজনৈতিক দল, য'ত যোগদান কৰিলে ৰত্নাকৰো এতিয়া বাল্মিকী হ’ব পাৰে৷ সেই কথা পুনৰবাৰ প্ৰমাণ কৰিছে পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে বুলিও উল্লেখ কৰে। 

ইয়াৰ উপৰি তাৎপৰ্যপূৰ্ণভাৱে প্ৰদ্যুৎ বৰদলৈয়ে কয় যে হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগ দিয়াৰ মূলতে আছিল দেশ কঁপোৱা সাৰদা কেলেংকাৰী। কিয়নো এই কথা আজিৰ তাৰিখত স্পষ্ট যে হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগদান কৰাৰ লগে লগেই চিবিআয়ে অসমত সাৰদা কেলেংকাৰীৰ তদন্ত চলাবলৈও বাদ দিলে। কিন্তু যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ দলত আছিল সেই সময়ত চিবিআয়ে সাৰদা কেলেংকাৰীৰ ওপৰত তদন্ত আৰম্ভ কৰিছিল।

আনহে নালাগে এই সম্পৰ্কত ২০১৪ চনৰ ২৮ আগষ্টত চিবিআয়ে তেওঁৰ বাসগৃহ আৰু তেওঁৰ পত্নী মালিকনাধীন এটা টেলিভিছন চেনেলতো তালাচী চলাইছিল। ইয়াৰ উপৰি তাৰ পৰৱৰ্তী সময়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁ পত্নীক কলকাতাত চিবিআইৰ দলে জেৰা চলাইছিল বুলিও সংবাদমেলত প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কিন্তু তাৰ পৰৱৰ্তী সময়ত হিমন্ত বিশ্ব শৰ্মা যেতিয়া বিজেপি দলত যোগদান কৰিলে তেতিয়াৰে পৰা অসমত সাৰদা কেলেংকাৰীৰ তদন্ত নাইকিয়া হ'ল বুলি গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে। 

ইয়াৰ উপৰি প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে বিস্ফোৰণ ঘটাই কয় যে আমাৰ চৰকাৰৰ দিনতে হিমন্ত বিশ্ব শৰ্মাই সাৰদা আৰু লুইচ বাৰজাৰ কেলেংকাৰী সংঘটিত কৰিছিল। কিন্তু আমি সেই সময়ত জ্ঞাত নাছিলোঁ৷ কিন্তু যেতিয়া কংগ্ৰেছৰ পৰা বিজেপিলৈ যোৱাটো তেওঁ নিশ্চত কৰিছিল, তেতিয়াই সেই কথাটোত আমি নিশ্চিত হৈছিলোঁ বুলি জানিবলৈ দিয়ে।

ইয়াৰ উপৰি এই সংবাদমেলত প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কয় যে হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাতে ৰাজ্যত সাৰদা কেলেংকাৰী সংঘটিত হৈছিল। আনহে নালাগে তেওঁৰ এই কেলেংকাৰীৰ বাবেই অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান শংকৰ বৰুৱাই আত্মহত্যাৰ দৰে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত কৰিছিল বুলিও উল্লেখ কৰে।
 
ইফালে এই সংবাদমেলতে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে চিবিআইক প্ৰশ্ন কৰি কয় যে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ইমানবোৰ প্ৰমাণ থকাৰ পাছতো কিয় আজি অসমৰ ক্ষেত্ৰত চিবিআই নিমাত! তেওঁ কয় যে মোডী চৰকাৰে এতিয়া চিবিআইকো যে হাতৰ পুতলা কৰি পেলাইছে তাত কাৰো সন্দেহ নাই বুলি গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে। ইয়াৰ উপৰি এই সংবাদমেলতে বৰদলৈয়ে কয় যে সাৰদা কেলেংকাৰীৰ দৰে লুইচ বাৰ্জাৰ কেলেংকাৰীতো জড়িত হিমন্ত বিশ্ব শৰ্মা।

কিন্তু হিমন্ত বিশ্ব শৰ্মা এতিয়া বিজেপি দলৰ লগতে আৰ এছ এছৰ প্ৰধান ভক্ত হোৱা বাবে লুইচ বাৰজাৰ কেলেংকাৰীৰ ক্ষেত্ৰতো চিবিআয়ে অসমত তদন্তৰ গতি লেহেমীয়া কৰি দিছে বুলি অভিযোগ ব্যক্ত কৰে। লগতে তেওঁ কয় যে অসমত ইয়াৰ তদন্ত লেহেমীয়া কৰি তাৰ বিপৰীতে এই কেলেংকাৰীৰ অভিযোগত গোৱাৰ এজন মন্ত্ৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে সম্পত্তি বাজেয়াপ্ত কৰিছিল বুলিও উল্লেখ কৰে। কিন্তু একে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে চিবিআয়ে কিয় কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে।

উল্লেখ্য যে সাৰদা আৰু লুইচ বাৰজাৰ কেলেংকাৰীৰ লগত হিমন্ত বিশ্ব শৰ্মা জড়িত বুলি কংগ্ৰেছ দলে কেতিয়া জানিছিল বুলি সাংবাদিকে প্ৰাক্তন মন্ত্ৰীগৰাকীক সংবাদমেলত প্ৰশ্ন কৰোতে কয় যে হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ দলৰ চৰকাৰৰ মন্ত্ৰী হৈ থকাৰ সময়ত বিজেপিয়ে প্ৰকাশ কৰা ‘ৰিয়েলিটি অব্‌ ছাগা অব্‌ স্কেম ইন কংগ্ৰেছ ৰুল্‌ড ষ্টেইট’ নামৰ পুস্তিকাত গোৱা আৰু গুৱাহাটীৰ পানী যোগান কেলেংকাৰী সন্দৰ্ভত লিখা তথ্যত হিমন্ত বিশ্ব শৰ্মাৰ নাম স্পষ্টভাৱে উল্লেখ কৰিছিল।

তাৰ পাছতে আমি এই কথাটো নিশ্চিত হৈছিলোঁ বুলিও বৰদলৈয়ে কয়। লগতে তেওঁ কয়, ‘বিজেপিত যোগদান কৰাৰ বাবেই হিমন্ত বিশ্ব শৰ্মাৰ সাত খুন মাফ হৈ গ’ল। কিন্তু ইয়াৰ বিপৰীতে চিবিআয়ে বিজেপিবিৰোধী ৰাজনৈতিক দলসমূহৰ নেতাসকলক আজিৰ দিনত হাৰাশাস্তি কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে।
 

Your Comments