বিকাশ আৰু অস্তিত্ব সংগ্ৰামৰ বাবে আমি বজ্ৰ কঠোৰ সংকল্পৰে আগুৱাই যাব লাগিব :হিমন্ত বিশ্ব শৰ্মা

বিকাশ আৰু অস্তিত্ব সংগ্ৰামৰ বাবে আমি বজ্ৰ কঠোৰ সংকল্পৰে আগুৱাই যাব লাগিব :হিমন্ত বিশ্ব শৰ্মা

মৰিগাঁৱৰ পৰা জিতুমণি নাথ

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত ৭০সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানী বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ মৰিগাঁৱৰ তৰুণৰাম ফুকন খেলপথাৰত পাঁচ সহস্ৰাধিক লোকৰ উপস্থিতিত মন্ত্ৰী ডঃ শৰ্মাই পতাকা উত্তোলন কৰি গণৰাজ্য দিৱসৰ তাৎপৰ্য উল্লেখ কৰাৰ লগতে দেশৰ স্বাধীনতা আন্দোলনৰ সেনানীৰ ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰে৷ নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ বিকাশ আৰু উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা উন্নয়নমূলক আঁচনিৰ কথা উল্লেখ কৰে৷ আনহাতে, একাংশ ষড়যন্ত্ৰকাৰীয়ে উন্নয়নৰ পৰিবেশ বিনষ্ট কৰাৰ বাবে ৰাজ্যখন অস্থিৰ কৰিব বিচাৰিছে বুলি উল্লেখ কৰি কুটুমৰ মঙহৰ যুঁজ লগাব বিচৰাসকলক বজ্ৰকঠোৰভাৱে দমন কৰাৰ আহ্বান জনায়৷

বিকাশ আৰু অস্তিত্ব সংগ্ৰামৰ বাবে আমি বজ্ৰ কঠোৰ সংকল্পৰে আগুৱাই যাব লাগিব :হিমন্ত বিশ্ব শৰ্মা

ভাষণত মন্ত্ৰী হিমন্তই পুনৰ অসমৰ ১৪খন জিলাৰ জনগাঁথনিয়ে অসমৰ ভৱিষ্যতৰ প্ৰতি ভাবুকি আনিছে বুলি উল্লেখ কৰাৰ লগতে অৰ্ণমাই বৰাৰ প্ৰসঙ্গও উল্লেখ কৰে৷ গণৰাজ্য দিৱসৰ ভাষণত ডঃ শৰ্মাই কেন্দ্ৰীয় চৰকাৰে অসম তথা উত্তৰ-পূবক আগবঢ়োৱা উন্নয়নমূলক কাম-কাজৰ বাবে প্ৰধান মন্ত্ৰীক ধন্যবাদ জনায়৷ ব্ৰহ্মপুত্ৰৰ ওপৰত মৰিগাঁও-দৰং সংযোগী আৰু গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দুখন দলং শীঘ্ৰেই নিৰ্মাণ হ'ব বুলিও কয়৷ অসমক বাংলাদেশৰ সৈতে চামিল কৰাৰ মুছলিম লীগৰ ষড়যন্ত্ৰক ওফৰাই পোলোৱা গোপীনাথ বৰদলৈক বাজপেয়ী চৰকাৰে ভাৰত ৰত্ন দিয়াৰ পিছত গণশিল্পী ডঃ ভূপেন হাজৰিকাক ভাৰত ৰত্ন প্ৰদান কৰা কাৰ্যত অসমবাসী গৌৰাৱান্বিত বুলি কয়৷ একাংশ লোকে উন্নয়ন স্তব্ধ কৰিব বিচৰা বুলিও অভিযোগ কৰি চৰকাৰে বিকাশৰ নিনাদ পাতি উন্নয়ন আৰু বিকাশৰ লক্ষৰে ৰাজ্যখন আগুৱাই যাব লাগিব বুলি কয়৷

ৰাইজক বিকাশ আৰু অস্তিত্বৰ সংগ্ৰামত ব্ৰতী হ'বলৈ আহ্বান জনাই  ভাষণ প্ৰদান কৰা মন্ত্রী শৰ্মাই কয়, পাণিপথৰ যুদ্ধত যেতিয়া মাৰাঠী সম্ৰাট হাৰিছিল আৰু বাহিৰৰ পৰা অহা আক্ৰমণকাৰীসকলে যেতিয়া জয়লাভ কৰিছিল, ভাৰতবৰ্ষৰ স্বাধীনতাৰ ডেৰশ বছৰীয়া গৌৰৱৰ সূৰ্য অস্তমিত হৈছিল আৰু আমি ব্ৰিটিছৰ শাসনৰ মাজত সোমাই গৈছিলো। ডেৰশ বছৰৰ পিছত মহামানব মহাত্মা গান্ধীয়ে আমাক স্বাধীনতা আনি দিছিল। সেই স্বাধীনতা কোনেও যাতে এবাৰ লৈ যাব নালাগে, উজনি অসম যাতে সুৰক্ষিত হৈ থাকিব পাৰে, উত্তৰ অসম যাতে সুৰক্ষিত হৈ থাকিব পাৰে, তাৰবাবে আমি আকৌ এবাৰ আৰু যাতে অসমৰ ১৪খন জিলাৰ বাদে আৰু যাতে ১৫খন জিলাত অসমীয় লোকে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ব নালাগে তাৰবাবে আমি এক বজ্ৰকঠোৰ সংকল্প ল'ব লাগিব। বিকাশৰ নিনাদ হ'ব লাগিব আৰু সেইসকল ব্যক্তিক বজ্ৰাঘাত কৰিব লাগিব।

বিকাশ আৰু অস্তিত্ব সংগ্ৰামৰ বাবে আমি বজ্ৰ কঠোৰ সংকল্পৰে আগুৱাই যাব লাগিব :হিমন্ত বিশ্ব শৰ্মা

যিসকল ব্যক্তিয়ে অৰ্ণমাই বৰাৰ দৰে আমাৰ মা, ভণ্টি, বাইদেউসকলৰ কামনা আৰু বাসনাৰ বলি কৰিবলৈ খোজে। যিসকলে আমাৰ সত্ৰৰ ভূমি লৈ যাব খোজে, যিসকলৰ জাগাত আজি অসমৰ ঐতিহ্যৰ লগত জড়িত হাজাৰ হাজাৰ অনুষ্ঠান নিশ্চিহ্ন হৈ গৈছে তাক পুনৰ উদ্ধাৰৰ সংকল্প ল'ব লাগে। আজি এই পবিত্ৰ দিনটোত মই বিশ্বাস কৰোঁ যে শৰাইঘাটৰ আকৌ এখন যুদ্ধ। পানণিপথত হাৰিছিলোঁ, শৰাইঘাটত জিকিছিলো। সেই বীৰ লাচিতৰ শৰাইঘাট যুঁজৰ প্ৰেৰণাৰে আমি আকৌ এবাৰ ৰাজ্যখনক বিকাশ আৰু অস্তিত্বৰ এই সংগ্ৰামত আমি যাতে বিজয়ী হওঁ, আমি ষড়যন্ত্ৰকাৰীৰ ষড়যন্ত্ৰ ওফৰাই আমি আমাৰ ৰাজ্যখনক উন্নয়ন আৰু বিকাশৰ নতুন দিগন্তলৈ লৈ যোৱাৰ সংকল্প আজি এই ৰাষ্ট্ৰীয় পতাকাৰ তলত আকৌ এবাৰ কৰিব লাগিব। আমাৰ ৰাষ্ট্ৰীয় পতাকা এখন। আমাৰ জাতি এটা আৰু আমাৰ মাতৃ এজনী।

আমি সেই মাতৃক, দেশৰ মাতৃক, অসম মাতৃক সেৱা কৰাৰ বাবে আমি আকৌ এবাৰ নিজকে উচৰ্গা কৰিব লাগিব বুলি মন্তব্য কৰে। মন্ত্ৰী শৰ্মাৰ এক ঘণ্টাজোৰা ভাষণৰ পিছতেই জিলাখনৰ কেইবাগৰাকীও মুক্তিযোদ্ধা আৰু বিশিষ্ট লোকক সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তা, মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী, জিলা উপায়ুক্ত ঋতুৰাজ বৰা, আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাকে আদি কৰি জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী, জ্যেষ্ঠ নাগৰিক, বিভিন্ন দল-সংগঠনৰ ব্যক্তি আৰু সাধাৰণ নাগৰিকে অংশগ্ৰহণ কৰা গণৰাজ্য দিৱসৰ মাৰ্চপাষ্ট প্ৰদৰ্শন কৰে মৰিগাঁও আৰক্ষী, মৰিগাঁও মহাবিদ্যালয়, মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমূখী বিদ্যালয়, সংস্কৃতি বিদ্যাপীঠ, জাগীৰোড কলেজ, মৰিগাঁও গৃহৰক্ষী বাহিনী আৰু নৱোদয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে। ইয়াৰ পিছতে কেইবাটাও সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনৰস্থলীত মন্ত্ৰী শৰ্মা

গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কাৰ্যসূচী সামৰণি মৰাৰ পিছতেই দীপশিখাৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত কৰ্কট ৰোগৰ চিনাক্তকৰণ আৰু সজাগতা শিবিৰ এটাৰো উদ্বোধন কৰে মন্ত্ৰী শৰ্মাই। তদুপৰি, অহা ৬ ফ্ৰেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল অধিবেশনস্থলী লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত উপস্থিত হৈ মন্ত্ৰী শৰ্মাই আদৰণী সমিতিৰ লগত এক আলোচনাত মিলিত হৈ অধিবেশনখনিৰ অগ্ৰগতি সন্দৰ্ভত বুজ লয়। ইয়াৰ পিছতেই মন্ত্ৰী শৰ্মাই মৰিগাঁৱৰ দুখনকৈ পকী দলং, পথ আৰু নলাৰো আধাৰশিলা স্থাপন কৰে।

অসমৰ জাতীয় অস্তিত্ব ৰক্ষা স্বাৰ্থত নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰয়োজন : মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

গণৰাজ্য দিৱসৰ কাৰ্যসূচী সামৰণি মৰাৰ পিছতেই সংবাদ মাধ্যমত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত সৃষ্টি হৈ থকা প্ৰতিক্ৰিয়া জানিব বিচৰাত মন্ত্ৰী শৰ্মাই সংবাদ মাধ্যমৰ ওপৰত জাঙুৰ খাই উঠে। সংবাদ মাধ্যমে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত এক উত্তেজিত বাতাবৰণ তৈয়াৰ কৰি সমগ্ৰ বিষয়টোকে এক বিভ্ৰান্তিকৰ কৰি তুলিবলৈ প্ৰচেষ্টা চলাইছে। আমি সকলোৱে ওপৰত দৃষ্টি নিবন্ধ কৰি ৰাখিছো। অসম তথা অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত নাগৰিকত্ব সংশোধনী বিধেয়ক অপৰিহাৰ্য বুলি পুনৰ উল্লেখ কৰে।

Your Comments