বিৰাটৰ বিক্ৰম অব্যাহত: একেটা বছৰতে আইচিচিৰ তিনিটা বঁটা লাভ

বিৰাটৰ বিক্ৰম অব্যাহত: একেটা বছৰতে আইচিচিৰ তিনিটা বঁটা লাভ

বছৰ বাগৰাৰ লগে লগে ভাৰতীয় অধিনায়ক বিৰাট কোহলিৰ ক্ৰিকেট কেৰিয়াৰ অধিক উজ্জ্বল হৈ পৰিছে। আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিলৰ তিনিটা গুৰুত্বপূৰ্ণ বঁটা লাভ কৰি বিৰাটে এটা নতুন অভিলেখ স্থাপন কৰিছে। কাউন্সিলে আজি কৰা ঘোষণা অনুসৰি বিৰাট কোহলি ক্ৰিকেটাৰ অব্‌ দ্য য়েৰ, ২০১৮' বিবেচিত হৈছে। লগতে তেওঁলৈ আইচিচিয়ে আগবঢ়াইছে বৰ্ষটোৰ টেষ্ট আৰু এদিনীয়া আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটাৰৰ দুটা বঁটা। একেটা বছৰতে আইচিচিৰ উল্লিখিত তিনিটা প্ৰধান বঁটা লাভ কৰা প্ৰথমজন ক্ৰিকেটাৰ হিচাপে এটা নতুন অভিলেখ গঢ়িছে কোহলিয়ে। উল্লেখ্য যে ২০১৮ বৰ্ষত ৩০ বছৰীয়া খেলুৱৈজনে ১৩খন টেষ্টত ৫৫.০৮ গড়েৰে ১,৩২২ ৰাণ কৰিছে। বছৰটোত ১৪খন এদিনীয়াত ১৩৩.৫৫ গড়েৰে তেওঁ সংগ্ৰহ কৰিছে ১,২০২ ৰাণ।

Your Comments