মেঘালয়ত 'এন্দুৰ-খনন'ত মৃত্যুৰ কিৰিলি

মেঘালয়ত 'এন্দুৰ-খনন'ত মৃত্যুৰ কিৰিলি

শ্ৰমিকসকল ভিন্ন বয়সৰ। কোনোবা যুৱক, কোনোবা মধ্য বয়সীয়া, আনকি কোনোবা শিশু। তেওঁলোকে ভূ-পৃষ্ঠৰ বহু গভীৰতাত গাঁত খান্দি খান্দি আগুৱাই যায়। থিয় হৈ নহয়, লেপেতা খাই অৱস্থান লৈ তেওঁলোকে গাঁত খান্দি আগুৱায়। ঠিক এন্দুৰৰ দৰে। এনেদৰে আগুৱাই তেওঁলোকে কয়লা সংগ্ৰহ কৰে। এয়াই 'এন্দুৰ-খনন', ইংৰাজীত Rate-mining অথবা Rate-hole mining. য'ত সকলো সময়তে মাটি অথবা কয়লাৰ হেঁচাত প্ৰাণ যোৱাৰ শংকা।

 ২০১৪ চনত 'ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণ'-এ মেঘালয়ত অবৈধ কয়লা খননত নিষেধাজ্ঞা জাৰি কৰাৰ পিছতো ৰাজ্যখনত অনেক সৰু-বৰ খনিৰ পৰা কয়লা আহৰণ অব্যাহত আছে। এই খনিসমূহত এন্দুৰ-খনন অব্যাহত আছে। ৰাজনৈতিক পৃষ্ঠপোষকতা লাভ কৰা এচাম কয়লা মাফিয়াৰ মালিকনাধীন কয়লা খনিসমূহত হাজাৰ-হাজাৰ লোকে দৈনিক অতি বিপজ্জনক এন্দুৰ-খনন অব্যাহত ৰাখিছে। দৰিদ্ৰ এই লোকসকলে দুবেলা-দুমুঠিৰ বাবে প্ৰতি মুহূৰ্ততে জীৱনৰ সৈতে জুৱা খেলি এন্দুৰ-খনন কৰি গৈছে। সকলোতকৈ দুৰ্ভাগ্যজনক আৰু আতংকিত কৰিব পৰা তথ্যটো হৈছে, অবৈধ খনিসমূহত কেইবাহাজাৰ শিশুক নিয়োগ কৰা হৈছে শ্ৰমিক হিচাপে।

মেঘালয়ত 'এন্দুৰ-খনন'ত মৃত্যুৰ কিৰিলি

পোনপটীয়াভাৱে ক'বলৈ গ'লে অবৈধ খনিসমূহৰ এন্দুৰ-খনন বিগত বছৰসমূহত মৃত্যু-স্থান হিচাপে পৰিগণিত হৈ আহিছে। এটা তথ্য মতে, বিগত পোন্ধৰ বছৰত মেঘালয়ত অবৈধ কয়লা খনিত দুৰ্ঘটনা সংঘটিত হৈ কেইবাহাজাৰ যুৱক, কিশোৰ-শিশু শ্ৰমিকৰ মৃত্যু হৈছে। শেহতীয়া উদাহৰণ হিচাপে যোৱা ১৩ ডিচেম্বৰৰ পৰা ৰাজ্যখনৰ পূব-জয়ন্তীয়া পাহাৰৰ এটা অবৈধ খনিত আবদ্ধ হৈ মৃত্যমুখী হৈছে ১৫জন শ্ৰমিক।

মেঘালয়ৰ অবৈধ কয়লা খনন, এন্দুৰ-খনন শীঘ্ৰে বন্ধ হোৱাটো অতি প্ৰয়োজন। তেতিয়াহে অকালতে জীৱন-বন্তি নুমাই যোৱাৰ কৰুণ ঘটনাসমূহ ভৱিষ্যতে সংঘটিত নহ'ব। শিশুৰ মৃত্যু আৰু শৈশৱ ধ্বংস হোৱাৰ সংবাদে মানুহক নকন্দুৱাব। ইয়াৰ বাবে প্ৰথমতে অবৈধ কয়লা খননৰ ৰাজনৈতিক পৃষ্ঠপোষকতা চৰকাৰে মষিমূৰ কৰিব লাগিব। কয়লা মাফিয়াক সম্পূৰ্ণৰূপে দমন কৰিব লাগিব। কিন্তু এটা কথা গুৰুত্ত্বপূৰ্ণ যে প্ৰথমতে শ্ৰমিকসকলৰ বাবে আন জীৱিকাৰ ব্যৱস্থা ৰাজ্য চৰকাৰে কৰিব লাগিব। কাৰণ অন্য সংস্থাপনৰ অভাৱতহে এন্দুৰ-খননত তেওঁলোকে নিজকে নিয়োজিত কৰিছে।
 

Your Comments