আজি কলকাতাত বিৰোধীৰ ভাৰত সমাবেশ

আজি কলকাতাত বিৰোধীৰ ভাৰত সমাবেশ

আগন্তুক লোকসভাৰ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে দেশৰ প্ৰধান বিৰোধী দলসমূহ একত্ৰিত হৈ বিৰেপিৰ বিৰুদ্ধে যুঁজাৰ ৰণ কৌশল নিৰ্ধাৰণত ব্যস্ত হৈ পৰিছে৷ বিৰোধী ঐক্য জোঁট গঠনৰ বাবে তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে৷ তেনে এক উদ্দেশ্যৰেই বিজেপিক ৰণ হুংকাৰ প্ৰদানৰ উদ্দেশ্যে আজি কলকাতাত সমবেত হৈছে দেশৰ প্ৰায়বোৰ বিৰোধী দল৷

ভাৰত সমাবেশ নামেৰে অনুষ্ঠিত কৰা এই সমাবেশৰ পৰাই ২০১৯ৰ লোকসভা নিৰ্বাচনৰ ৰণডংকা বজাব বিৰোধী মিত্ৰজোঁটে৷ বংগ কন্যা মমতা বেনাৰ্জীৰ আহ্বানত অনুষ্ঠিত এই সমাবেশত বিজেপিবিৰোধী দলসমূহৰ নেতৃত্ববৃন্দ একত্ৰিত হৈছে, যাতে আগন্তুক লোকসভা নিৰ্বাচনত মোডী চৰকাৰক শাসনৰ গাদীৰ পৰা উৎখাত কৰিব পাৰি৷

সমাবেশত অংশগ্ৰহণ কৰিছে বিজেপিৰ দুই বিসম্বাদী নেতা যশৱন্ত সিং আৰু শত্ৰুঘ্ন সিনহাই৷ ইয়াৰ উপৰি উপস্থিত আছে চন্দ্ৰবাবু নাইডু, বদৰুদ্দিন আজমল, অখিলেশ যাদৱ, শাৰদ পাৱাৰ, গেগং আপাং, মায়াৱতী, যুৱ নেতা হাৰ্ডিক পেটেল, জি গণেশ মেৱানী আদিয়ে। অৱশ্যে সমাবেশত কংগ্ৰেছৰ কোনো শীৰ্ষ পৰ্যায়ৰ নেতা উপস্থিত নাই যদিও কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে ভাৰত সমাবেশলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে৷

Your Comments