অহা ২০২৫ বৰ্ষৰ ভিতৰতে ৰাম মন্দিৰৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাটো বিচাৰে আৰ এছ এছে । এই কথা প্ৰকাশ কৰিছে আৰ এছ এছৰ সাধাৰণ সম্পাদক সুৰেশ ভায়াজী যোশীয়ে । আৰ এছ এছ নেতাজনে আজি কয়, "আজিৰপৰাই যদি নিৰ্মাণ আৰম্ভ হয় তেন্তে ২০২৫ বৰ্ষৰ ভিতৰত ৰাম মন্দিৰৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব ।" তাৎপৰ্যপূৰ্ণভাৱে যোশীয়ে দাবী কৰে যে মন্দিৰটো সম্পূৰ্ণ হ'লে ভাৰতৰ উন্নয়নৰ গতি ক্ষিপ্ৰতৰ হ'ব ।
- Log in to post comments
- 25 views