লাডাখৰ খাৰডুংলাত বৰফত পোত খালে ১০ পৰ্যটক

w

জম্মু আৰু কাশ্মীৰৰ লাডাখত তুষাৰ-আতংক৷ লাডাখৰ খাৰডুংলাত বৰফৰ পাহাৰ খহি অহাৰ ফলত আবদ্ধ হৈ পৰিছে কেইবাজনো নাগৰিক৷ সমগ্ৰ জম্মু-কাশ্মীৰত বিগত কেইবাটাও দিনত তুষাৰ ধুমুহাৰ তাণ্ডৱে জনতাক আতংকিত কৰি ৰখাৰ মাজতে আজি পুৱা ৭ বজাত খাৰডুলাত পথত খহি পৰে বিৰাটকায় বৰফৰ পাহাৰ৷ সেই সময়ত পথটোৰে গৈ থকা পৰ্যটকৰ কেইবাখনো বাহন বৰফত পোত খাই পৰে৷

q

এই বাহনকেইখনত কমেও ১০ জন পৰ্যটক আছে বুলি ধাৰনা কৰা হৈছে৷ দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ পিচত ভাৰতীয় সেনা ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই আছে৷ বহু পৰিমাণৰ বৰফৰ মাজত বাহনকেইখন পোত খাই থকাত উদ্ধাৰ কাৰ্যত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে সেনা জোৱানসকল৷

ইয়াৰ উপৰিও খাৰডুংলাতে তুষাৰ-ধুমুহাত কেইবাজনো লোক বিভিন্ন স্থানত আবদ্ধ হৈ আছে৷ তেওঁলোকৰো জীৱন ৰক্ষা কৰিবলৈ উদ্ধাৰ অভিযান অব্যাহত আছে৷ উল্লেখ্য যে লাডাখৰ খাৰডুংলাত পৃথিৱীৰ সবাতোকৈ উচ্চ স্থানত থকা পথটো আছে৷ এই পথত তাপমাত্ৰা -১৫ ডিগ্ৰীতকৈও তলত থাকে৷

Your Comments