আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিবলৈ সম্প্ৰতি দেশৰ বহুকেইটা বিৰোধী দল একত্ৰিত হৈছে৷ কংগ্ৰেছ, সমাজবাদী পাৰ্টি, বহুজন সমাজ পাৰ্টি, ডিএমকেৰ সন্মিলিত পক্ষই ভাবিছে যে তেওঁলোকে সংযুক্তভাৱে লাভ কৰা আসন বিজেপিৰ আসনতকৈ অধিক হ'ব আৰু গেৰুৱা দল পৰাস্ত হ'ব৷ লোকসভা নিৰ্বাচনে সন্মিলিত বিৰোধী পক্ষৰ বাবে এনে যোগাত্মক ফলাফল কঢ়িওৱাটো অমূলক নহয় যদিও এটা দিশত বিৰোধী দলসমূহ একত্ৰিত হৈও গেৰুৱা দলক পৰাভূত কৰাটো অদূৰ ভৱিষ্যতত হয়তো সম্ভৱপৰ নহ'ব৷
সেই দিশটো হৈছে 'আৰ্থিক অনুদান' লাভ কৰা দিশটো৷ তাৰ প্ৰমাণ পোৱা গৈছে নিৰ্বাচন পৰ্যৱেক্ষণকাৰী সংস্থা 'ডেম'ক্ৰেটিক ৰিফ'ৰ্মছ'ৰ ৰাজনৈতিক দলে ২০১৭-১৮ বৰ্ষত আৰ্থিক অনুদান লাভ কৰাৰ সন্দৰ্ভৰ প্ৰতিবেদনত৷ ৰাজনৈতিক দলসমূহে নিৰ্বাচন আয়োগক প্ৰদান কৰা তথ্যৰ আধাৰত ডেম'ক্ৰেটিক ৰিফ'ৰ্মছে দাখিল কৰা প্ৰতিবেদনত প্ৰকাশ পাইছে যে ভাৰতীয় জনতা পাৰ্টিয়ে ২০১৭-১৮ বৰ্ষত ২০ হাজাৰ টকাৰ ওপৰত ৪৩৭ কোটি টকা আৰ্থিক দান লাভ কৰিছে৷
এয়া হৈছে উক্ত বৰ্ষত অন্যান্য ৰাজনৈতিক দলসমূহে সন্মিলিতভাৱে লাভ কৰা আৰ্থিক অনুদানতকৈ ১৩ গুণ অধিক৷ উল্লেখ্য যে ২০১৭-১৮ বৰ্ষত ৰাষ্ট্ৰীয় দল কংগ্ৰেছে বিজেপিৰ তুলনাত অতি নগন্য ২৭ কোটি টকা দান হিচাপে লাভ কৰিছে৷ অন্যান্য দলসমূহে লাভ কৰা আৰ্থিক অনুদান কংগ্ৰেছতকৈও কম৷ এই সন্দৰ্ভত বিজেপিৰ মুখপাত্ৰ গোপাল আগৰৱালাই কয় যে ইয়াৰ কাৰণ হৈছে দলটোৱে অন-লাইন অথবা চেকৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ সমৰ্থকসকলক উৎসাহিত কৰি আহিছে৷
প্ৰতি বছৰে বিজেপিৰ সমৰ্থকৰ সংখ্যা বৃদ্ধি পোৱাটোৱে অধিক ধনৰ বৰঙণি পোৱাতোও নিশ্চিত কৰিছে৷ উল্লেখ্য যে যেতিয়া ভাৰতীয় জনতা পাৰ্টি কেন্দ্ৰত শাসনত নাছিল, তেতিয়াও দলটোৱে শাসনত থকা কংগ্ৰেছতকৈ অধিক পৰিমাণৰ আৰ্থিক দান লাভ কৰিছিল৷ গতিকে, এইটো ক'ব পাৰি যে আগন্তুক লোকসভা নিৰ্বাচনে সন্মিলিত বিৰোধী পক্ষৰ বাবে ভাল কঢ়িয়াই আনিলেও অহা এক-দুই বছৰত আৰ্থিক দান লাভৰ বিষয়টোত গেৰুৱা দলক পিছ পেলোৱাটো বিৰোধী দলসমূহৰ বাবে প্ৰায় অসম্ভৱ৷ বিজেপি যদি পুনৰ কেন্দ্ৰত ক্ষমতালৈ আহে, দলটোৱে আৰু অধিকভাৱে আৰ্থিক দান লাভ কৰাটো নিশ্চিত৷
- Log in to post comments
- 46 views