দিল্লীত প্ৰচণ্ড শীতে প্ৰাণ কাঢ়িব ধৰিছে নাগৰিকৰ৷ চলিত শীত ঋতুত ভাৰতৰ ৰাজধানী চহৰখনত ১০০ জনৰো অধিক লোকৰ শীত সজ্য কৰিব নোৱাৰি মৃত্যু হৈছে৷
বিশেষকৈ অঘৰী লোকসকলৰ বাবে শীত প্ৰবল প্ৰাণঘাতক হিচাপে চিহ্নিত হৈছে৷ বিগত ২৪ ঘণ্টাত দিল্লীত ৭ জন অঘৰী লোকৰ প্ৰচণ্ড শীতৰ প্ৰকোপত মৃত্যু হৈছে৷ যোৱা নিশাৰ নিম্নতম ৬ ডিগ্ৰী চেলছিয়াচ তাপমাত্ৰাত উক্ত লোক কেইজনৰ মৃত্যু হয়৷ ইফালে মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালে মহানগৰখনত শীতত মানুহৰ মৃত্যু অব্যাহত থকাটোত উপ-ৰাজ্যপাল অনিল বাইজলক দোষাৰোপ কৰি আহিছে৷
উপ-ৰাজ্যপালে দিল্লী নগৰীয়া আশ্ৰয়গৃহ উন্নয়ন বোৰ্ডত মুখ্য কাৰ্যবাহী বিষয়া হিচাপে এজন অদক্ষ লোকক নিযুক্তি দিয়া বুলি দোষাৰোপ কৰিছে৷ ইয়াৰ বাবেই দিল্লীত শীতত অঘৰী লোকৰ মৃত্যুৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে বুলি কেজৰিৱালে উল্লেখ কৰিছে৷
- Log in to post comments
- 17 views