মেঘালয়ৰ কয়লা খনিত আবব্ধ শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ 

ো

মেঘালয়ৰ কয়লা খনিৰ পৰা আহিছে বেয়া খবৰ৷ ৰাজ্যখনৰ পূব জয়ন্তীয়া পাহাৰৰ এটা অবৈধ কয়লা খনিত যোৱা ১৩ ডিচেম্বৰৰ পৰা আবব্ধ হৈ আছে ১৫ জন শ্ৰমিক৷ শ্ৰমিকসকলৰ উদ্ধাৰ অভিযান পূৰ্ণ গতিত চলি থকাৰ সময়তে আহিল দুঃখৰ খবৰ৷ অতি শেহতীয়াভাৱে উদ্ধাৰকাৰী দলে কয়লা খনিটোৰ ২০০ ফুট গভীৰতাৰ পৰা এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰে৷

উল্লেখ্য যে খনিটোৰ কাষৰীয়া লাইটেইন নৈৰ পানী সুমোৱাৰ বাবে খনিটোত শ্ৰমিকসকল আবদ্ধ হৈ পৰিছিল৷ এন ডি আৰ এফ, ভাৰতীয় নৌ সেনা, ভাৰতীয় বায়ু সেনাৰ লোক সন্নিৱিষ্ট উদ্ধাৰকাৰী দলসমূহে বিগত দিনসমূহত অভিযান চলাই আছে যদিও বৰ্তমানলৈকে কোনো এজন শ্ৰমিককে জীৱন্ত অৱস্থাত উদ্ধাৰ কৰিব পৰা নাই৷ 

Your Comments