উৎসৱৰ আনন্দত মৃত্যু-দূত যেতিয়া চিলাৰ সূতা!

উৎসৱৰ আনন্দত মৃত্যু-দূত যেতিয়া চিলাৰ সূতা!

ৰাজ্যখনৰ একাংশ  হাস্পতালত এতিয়া এটা বিশেষ কাৰণত আঘাতপ্ৰাপ্ত ব্যক্তিক এতিয়া প্ৰতিদিনেই ভৰ্তি কৰোৱা হৈছে।ব্যক্তিসকলৰ কোনোবা ডিঙিত,কোনোবা গালত আন কোনোজন হয়তো হাতত আঘাতপ্ৰাপ্ত হৈছে।কাটি গৈছে ডিঙি,গাল, কাণ, হাত।ক'লে হয়তো বিশ্বাস কৰিবলৈ টান হ'ব, এই লোকসকল কম বা অধিকভাৱে আঘাতপ্ৰাপ্ত হৈছে এবিধ বিশেষ সূতাৰ বাবে।বিভিন্ন সময়ত এডাল সূতাৰ বাবেই শাৰীৰিক ক্ষতি-খুন হৈ তেওঁলোক হাস্পতালৰ বিচনাত।সেই সূতাডাল হৈছে আন একো নহয় বতাহত হালি-জালিকৈ উৰা চিলাৰ সূতা।গুজৰাটত মৃত্যু-দূতত পৰিণত হ'ল চিলাৰ সূতা।

গুজৰাটত  মকৰ সংক্ৰান্তিৰ উত্তৰায়ণ উৎসৱ উদযাপন কৰা হ'ল।এই উৎসৱত নাগৰিকসকলে চিলা উৰুৱাটো এটা পৰম্পৰা।এই পৰম্পৰা পালন কৰাৰ সময়তে চিলাৰ সূতাৰ দ্বাৰা আঘাতপ্ৰাপ্ত হয় মানুহ।

দৰাচলতে প্ৰতি বছৰৰ জানুৱাৰীৰ ৭ তাৰিখৰ পৰাই গুজৰাটত মকৰ সংক্ৰান্তিৰ উত্তৰায়্ণ পৰ্ব উপলক্ষে চিলা উৰুৱাই উৎসৱৰ আনন্দ উপভোগ কৰিবলৈ আৰম্ভ কৰে।ঘৰৰ চাদত অথবা মুকলি পথাৰত ৰৈ মানুহে চিলা উৰুৱাই,আকাশত চিলা কটাকটিৰে ৰঙত মতলীয়া হয়।কিন্তু চিলা কটাকটিৰ উদ্দেশ্যটোতে লুকাই থাকে বহু মানুহৰ যন্ত্ৰণা।

চিলা কটাৰ বাবে কপাহী অথবা নাইলনৰ চিলাৰ সূতাত দিয়া হয় আইনাৰ আৰু বিভিন্ন ধাতুৰ গুড়িৰ প্ৰলেপ।সূতা হৈ পৰে ব্লেডৰ দৰে চোকা।উত্তৰায়ণৰ দিনকেইটাত গুজৰাটৰ প্ৰায় অঞ্চলৰ বতাহত উৰি ফুৰে কটা খোৱা চিলাৰ সূতা আৰু লিপিত খাই পৰে বাটে-পথে গৈ থকা পথচাৰীৰ শৰীৰত।

Kite flying victim

বিগত এসপ্তাহত ধাৰাল সূতাৰ  স্পৰ্শত প্ৰধানকৈ মটৰ বাইক আৰু স্কুটাৰ চালক,আৰোহী আঘাতপ্ৰাপ্ত হয়।আনকি সাতজন লোকৰ মৃত্যুও হয়। বাইক চলাই যোৱা অৱস্থাত হঠাতে ডিঙিত মেৰিয়াই ধৰি কণ্ঠনলী,খাদ্যনলী ছিন্ন-ভিন্ন কৰি দিয়াৰ বাবেই বিভিন্ন ঠাইত লোককেইজনৰ মৃত্যু হয়।প্ৰাণৰক্ষা পৰা কিন্তু বেয়াকৈ জখম হোৱা শতাধিক লোক এতিয়া হৈ আছে চিকিৎসাধীন।

গুজৰাটত উত্তৰায়ণৰ সময়ত প্ৰতিবছৰেই এনেদৰে নাগৰিক আহত-নিহত হয়।যাৰ বাবে চৰকাৰে ইতিমধ্যে অতিকৈ ধাৰাল নাইলনৰ 'চাইনীজ মাঞ্জা'(চীনত নিৰ্মিত নহয়,কিন্তু সস্তীয়া বাবে এই আখ্যা)ৰ বিক্ৰী নিষিদ্ধ কৰিছে।কিন্তু সস্তীয়া বাবেই চাহিদা অব্যাহত থকাত বিক্ৰীও অব্যাহত আছে আৰু মানুহৰ বাবে মৃত্যু-দূত বিবেচিত হৈ আহিছে।লগতে কপাহী সূতাইউ মানুহক আহত কৰি আহিছে ।গুজৰাটত এনেদৰেই উৎসৱৰ আনন্দত মৃত্যুৰ বাৰ্তা বিয়পাই আহিছে  সাধাৰণ সূতাই।এচামৰ চিলা কটাকটিৰ উছাহত আন এচামৰ মৃত্যু যন্ত্ৰণা।দুৰ্ভাগ্যজনক।অতি দুখজনক।

Your Comments