উচ্চতম ন্যায়ালয়ৰ মু্খ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিচাৰপীঠে চিবিআইৰ সঞ্চালক আলোক বাৰ্মাক যোৱা ৮ জানুৱাৰীত তেওঁৰ পদ বাহাল ৰখাৰ সিদ্ধান্ত দিছিল যদিও ১০ জানুৱাৰীত মোডীৰ নেতৃত্বত গঠন হোৱা এক উচ্চস্তৰীয় সমিতিয়ে বাৰ্মাক চিবিআইৰ সঞ্চালকৰ পৰা অপসাৰণ কৰে৷
বৃহস্পতিবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত উচ্চস্তৰীয় বাছনি সমিতিয়ে বাৰ্মাক অপসাৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি এক চৰকাৰী সূত্ৰই প্ৰকাশ কৰে৷ উল্লেখ্য যে এইদৰে দুৰ্নীতি আৰু কৰ্তব্যত অৱহেলা কৰাৰ অভিযোগত চিবিআইৰ সঞ্চালক পদৰ পৰা বাৰ্মাক অপসাৰণ কৰা কৰা হৈছে বুলি সমিতিখনে জনাইছে৷
এতিয়াৰে পৰা বাৰ্মাক অগ্নিসুৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধানৰূপে দায়িত্ব দিয়া হ'ব বুলি সমিতিখনে সিদ্ধান্ত গ্ৰহণ কৰে৷ অৱশ্যে ইয়াৰ বিৰুদ্ধে পুনৰ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বুলি জনাইছে আলোক বাৰ্মাই৷
- Log in to post comments
- 76 views