ৰাষ্ট্ৰীয় চৈ-কোৱাং-ডো প্ৰতিযোগিতাত শ্ৰেষ্ঠ দল অসম

1

বিশ্বনাথ চাৰিআলিৰ পৰা ভাস্কৰ দাস
বিশ্বনাথ জিলাৰ হিমালয়া ভৱনত ৫ আৰু ৬ জানুৱাৰীত সুন্দৰভাৱে অনুষ্ঠিত হৈ যায় ১৫নং ৰাষ্ট্ৰীয় চৈ কোৱাং ডো প্ৰতিযোগিতা৷ বিশ্বনাথ চাৰিআলিৰ চেম্পিয়ন মেকাৰ একাডেমী আৰু অসম চৈ-কোৱাং-ডো সন্থাৰ সহযোগত ২০১৮-১৯বৰ্ষৰ এই প্ৰতিযোগিতাখনলৈ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল৷ উদ্বোধনী অনুষ্ঠানত পতাকা উত্তোলন কৰে ৰাজ্যিক চৈ কোৱাং ডো সন্থাৰ সভাপতি ডঃ বিকাশ চৰকাৰে, বন্তি প্ৰজ্বলন কৰে চৈ কোৱাং ডো ভাৰতৰ সম্পাদক বিক্ৰম থাপা, আয়োজক কমিটিৰ সভাপতি অঞ্জন বৰা আৰু অশোক বৰাই৷

ঋতুপূৰ্ণ খাটনিয়াৰ আৰু নৱজ্যোতি হাজৰিকাই আঁত ধৰা সামৰণী অনুষ্ঠানত উপস্থিত থাকে বিশ্বনাথৰ চক্ৰ বিষয়া বিশ্বজিৎ শইকীয়া, অভিভক্ত শোণিতপুৰ জিলাৰ ক্ৰীড়া বিষয়া মনোৰমা দাস, বিশ্বনাথৰ অতিৰিক্ত ক্ৰীড়া বিষয়াৰ দ্বায়িত্বত থকা লানিমা তালুকদাৰ আৰু বহুতো ৷

চেম্পিয়ন মেকাৰ একাডেমীৰ পৰিচালক তথা সদৌ অসম চৈ-কোৱাং-ডো সন্থাৰ সম্পাদক লগতে আয়োজক কমিটিৰ সম্পাদক হৃদয়ানন্দ দাসে জানিবলৈ দিয়া অনুসৰি ভাৰতবর্ষৰ বিভিন্ন প্ৰান্তৰ পৰা অহা তিনিশৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত অসম দলে ২২ সোণ, ৭টা ৰূপ আৰু ৩টা ব্ৰঞ্জেৰে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰা বিপৰীতে হাৰিয়ানা দলে দ্বিতীয় শ্ৰেষ্ঠ আৰু মনিপুৰ দলে লাভ কৰে তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান ৷

অসম দলৰ সোণৰ পদক অৰ্জনকৰী খেলুৱৈসকল ক্ৰমে-  ভূমিস্থা দাস, হৰসীতা জৈন, আদৰীকা হাজৰিকা, হৰসীতা শইকীয়া, পৰিস্মীতা শইকীয়া, প্ৰজ্ঞান মনোজ কলিতা, অনোজ ভট্টাচাৰ্য, ময়োৰেশ বৰা, শোভম গোস্ৱামী, ৰাগিনী বৰুৱা, জিম্পী দেৱী, প্ৰিয়দৰ্শনী লামা, টনি ভাগৱতী, অংগদ কাশ্যপ, অগোৰ মিঅ', ৰাজৰ্শী নাথ, মনদীপ বৰুৱা, পপ্পী নেৱাৰ, সুচমিতা শইকীয়া, সাগকীকা ভূঞা, কৌশিক ঘোষ, বিমল দাহাংগা৷ ৰূপৰ পদক অৰ্জনকৰী খেলুৱৈসকল ক্ৰমে- টিনা দাস, ব্ৰিমিশা খাটনিয়াৰ, অভিপ্ৰিতি সিং, হৃদয় জৈন, চনম লামা, অনুভৱ কাশ্যৰ, ভাস্কৰ জ্যোতি শইকীয়া৷ লগতে ব্ৰঞ্জৰ পদক অৰ্জনকৰী খেলুৱৈসকল ক্ৰমে- হিমাংশু শৰ্মা, স্বৰূপ সিং আৰু প্ৰতিম হাজৰিকা ৷

Your Comments