অৱশেষত মীমাংসা নোহোৱাকৈ থাকি গ'ল নাগৰিকত্ব সংশোধনী বিধেয়ক৷ ইতিমধ্য লোকসভাত গৃহীত হোৱা এই বিধেয়কখন ৰাজ্যসভাত অনুমোদনৰ বাবে বিজেপি চৰকাৰে উত্থাপন কৰিছিল যদিও এই ক্ষেত্ৰত কোনো বিতৰ্ক তথা বিবেচনা নকৰাকৈয়ে থাকি যায়৷ বিধেয়কখন অনুমোদনৰ বাবে চৰকাৰে বিশেষ কোনো আগ্ৰহ তথা তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল৷ অৱশ্যে বিধেয়কখন সংসদত উত্থাপন কৰাৰ পিছতে ইয়াৰ ওপৰত কংগ্ৰেছ তথা তৃণমূল কংগ্ৰেছে তীব্ৰ বিৰোধিতা কৰিছিল৷
আনহাতে, বিধেয়কক কেন্দ্ৰ কৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলত সৃষ্টি হোৱা প্ৰবল প্ৰতিবাদ তথা অগ্নিগৰ্ভা পৰিস্থিতিৰ কথাও বিৰোধী দলৰ সাংসদসসকলে উল্লেখ কৰি বিধেয়কখন গৃহীত হ'লে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত অস্থিৰ পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিয়ে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত বিধেয়কখন অনুমোদনক লৈ বিজেপি চৰকাৰে কিছু হোঁহকা-পিচলা কৰা পৰিলক্ষিত হয় যদিও এই ক্ষেত্ৰত কংগ্ৰেছৰ সমৰ্থন বিচাৰি কেইবালানিও আলোচনাত মিলিত হয়৷
কিন্তু কংগ্ৰেছে ইয়াৰ প্ৰতি সঁহাৰি প্ৰদান নকৰাত বিধেয়কখন অনুমোদন কৰাত চৰকাৰ বিফল হোৱাৰ সম্ভাৱনা পূৰামাত্ৰাই দেখা দিয়াত বিধেয়কখন অনুমোদনৰ প্ৰসংগৰ পৰা কেন্দ্ৰীয় চৰকাৰ আঁতৰি অহা পৰিলক্ষিত হয়৷ ফলত বিধেয়ক সন্দৰ্ভত কোনো ধৰণৰ সিদ্ধান্ত তথা মীমাংসা নোহোৱাকৈয়ে সংসদৰ কাৰ্যসূচী সমাপ্ত হয়৷ এতিয়া বছৰটোৰ বাবে এই বিধেয়কখন অনুমোদন নোহোৱাকৈ ৰাজ্যসভাত ওলমি ৰয়৷
আনহাতে, আন এখন বহু চৰ্চিত বিধেয়ক ৬ জনগোষ্ঠীৰ জনজাতিকৰণ বিধেয়কখনৰ প্ৰতিও চৰকাৰে চৰম অৱজ্ঞা প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়৷ বিধেয়কখন সংসদত উত্থাপন কৰি ইয়াৰ ওপৰত বিতৰ্কত অংশগ্ৰহণ কৰি ইয়াক কাৰ্যকৰীকৰণৰ কাৰণে প্ৰস্তাৱ গ্ৰহণ কৰা হয় যদিও ইয়াক অনুমোদনৰ পৰা কিন্তু চৰকাৰ বিৰত থাকে৷ ইয়াৰ পৰা এই কথাটো স্পষ্ট হ'ল যে ৬ জনজাতিৰ জনাজাতিকৰণ বিষয়টোও সংসদৰ মজিয়াত ওলমি ৰয়৷
এই প্ৰসংগত এটা কথা উল্লেখ কৰিব পাৰি যে কেন্দ্ৰৰ বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখন চলে-বলে-কৌশলে অনুমোদনৰ পৰিকল্পনা কৰিছিল আৰু তাৰবাবে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ বিধেয়কখন অন্যতম টোপ হিচাপে ব্যৱহাৰ কৰিছিল৷ কিন্তু কংগ্ৰেছে এই টোপ নিগিলাত এতিয়া দুয়োখন বিধেয়কে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসভাত ওলোমাই ৰাখি চূড়ান্ত স্বাৰ্থপৰতাৰ পৰিচয় দাঙি ধৰে৷ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগত এতিয়া চৰকাৰে জনগোষ্ঠীকেইটাক নিৰ্বাচনী লিলপপ খুওৱা বুলিহে ক'ব পাৰি৷
- Log in to post comments
- 1210 views