মানৱ সম্পদ গঢ়িবলৈ আজমল ফাউণ্ডেচনৰ অভিনৱ পদক্ষেপ : উচ্চ শিক্ষাৰ কেন্দ্ৰ হৈ পৰিছে হোজাই

aajmol foundation

হোজাই এখন সৰু চহৰ৷ ইয়াৰ পৰাই এতিয়া আৰম্ভ হৈছে মানৱ সম্পদ বিকাশৰ সংগ্ৰাম৷ মানুহ গঢ়াৰ সংগ্ৰাম৷ এই বছৰৰ উচ্তৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শাখাত হোজাইৰ পৰা ৰাজ্যৰ ভিতৰত প্ৰথম স্থান লাভ কৰি অমৰ সিং থাপাই দেখুৱালে, সঁচাকৈয়ে এক শিক্ষাৰ পৰিৱেশ গঢ়ি উঠিছে হোজাই চহৰত৷ অসমৰ শৈক্ষিক ক্ষেত্ৰখনত ইতিমধ্যে শক্তিশালীভাৱে খোজ দিয়া আজমল ফাউণ্ডেচন নামৰ সামাজিক অনুষ্ঠানৰ জৰিয়তে হোজাইত উচ্চ শিক্ষাৰ এক পৰিৱেশ সৃষ্টি কৰিছে৷

aajmol foundation

দৰিদ্ৰ আৰু বঞ্চিতজনৰ সামূহিক উত্তৰণৰ বাবে কাম কৰি অহা স্বেচ্ছাসেৱী সংস্থা আজমল ফাউণ্ডেচনে হোজাইক উচ্চ শিক্ষাৰ অন্যতম কেন্দ্ৰ কৰাৰ পৰিকল্পনা হাতত লৈছে৷ প্ৰতিযোগিতাৰ পৃথিৱীত থিয় হ’ব পৰাকৈ আধুনিক শিক্ষাৰ প্ৰসাৰত গুৰুত্ব দিয়া আজমল ফাউণ্ডেচনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাই চহৰত গঢ়ি তুলিছে বহুকেইখন শিক্ষানুষ্ঠান৷

এই বছৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শাখাত ৰাজ্যৰ প্ৰথম স্থান লাভ কৰা ছাত্ৰ অমৰ সিং থাপা আজমল কলেজ, হোজাইৰ ছাত্ৰ। ‘আজমল কলেজ অব আৰ্টছ, কমাৰ্চ এণ্ড ছায়েন্স’ৰ লগতে আৰম্ভ কৰিছে আজমল বি এড কলেজ৷ আজমল গ্ৰুপ অব কলেজৰ প্ৰতিখনৰে আন্তঃগাঁথনিয়ে ছাত্ৰ-ছাত্ৰীক অতি সহজেই আকৰ্ষণ কৰে৷

ছোৱালীৰ উচ্চ শিক্ষাত গুৰুত্ব প্ৰদান কৰি আজমল ফাউণ্ডেচনে হোজাইত আৰম্ভ কৰিছে মৰিয়ম আজমল মহিলা বিজ্ঞান আৰু কাৰিকৰী মহাবিদ্যালয়৷ ছয় মহলাযুক্ত অত্যাধুনিক পৰিৱেশেৰে স্থাপন কৰা মৰিয়ম আজমল মহিলা মহাবিদ্যালয়খনে অসমৰ ছোৱালীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰখনলৈ যথেষ্ট অৰিহণা আগবঢ়াব বুলি ধাৰণা কৰিব পৰা যায়৷ ইতিমধ্যে তিনি বছৰীয়া আৰু পাঁচ বছৰীয়া আইন শিক্ষাৰ মহাবিদ্যালয় মুকলি কৰাৰ বাবে সংশ্লিষ্টসকলৰ পৰা অনুমতি লাভ কৰিছে আজমল ফাউণ্ডেচনে৷

aajmol foundation

হোজাইত এখন মহিলা বিশ্ববিদ্যালয় আৰু এখন পৃথক বিশ্ববিদ্যালয় স্থাপন প্ৰক্ৰিয়া আৰম্ভ কৰিছে আজমল ফাউণ্ডেনে৷ মানৱ সম্পদ গঢ়াৰ বিশেষ লক্ষ্য আগত লৈ হোজাইৰ লগতে অসমৰ পিছপৰা অঞ্চলসমূহত ২২খন মহাবিদ্যালয় স্থাপন কৰাৰ লগতে ৪২খন বিদ্যালয় পৰিচালনা কৰি আছে৷ সাধাৰণ শিক্ষাৰ লগতে কাৰিকৰী আৰু বাণিজ্যিক শিক্ষাৰ বাবে ছয়খন শিক্ষানুষ্ঠান স্থাপন কৰিছে আজমল ফাউণ্ডেচনে৷ স্থানীয়ভাৱে ১২টা আৰু ১৬টা অস্থায়ী ভকেচনেল প্ৰতিষ্ঠানৰ লগতে ছটা দূৰৱৰ্তী শিক্ষা প্ৰতিষ্ঠান পৰিচালনা কৰিছে৷ হোজাইৰ অগ্ৰণী স্বেচ্ছাসেৱী সংস্থা আজমল ফাউণ্ডেচনে ৰাজ্যখনত ৭০খন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ লগতে ৩৪টা কাৰিকৰী প্ৰতিষ্ঠান স্থাপন কৰি পৰিচালনা কৰি অসমৰ শৈক্ষিক ক্ষেত্ৰখনলৈ বহু বৰঙণি আগবঢ়াই আছে৷

বিশ্বৰ প্ৰায় ৩২খন ৰাষ্ট্ৰত নিজৰ ব্যৱসায় কৰা হোজাইৰ আজমল গ্ৰুপে প্ৰতিযোগিতাৰ বিশ্বত অসম সন্তানসকলে স্থান লাভ কৰাৰ লক্ষ্যৰে বহুকেইটা পদক্ষেপ আৰম্ভ কৰিছে৷ অসমৰ পৰা সৰ্বভাৰতীয় প্ৰশাসনিক বিষয়াৰ সংখ্যা অতি কমৰ প্ৰতি লক্ষ্য ৰাখি আজমল ফাউণ্ডেচনে আই এ এছ প্ৰশিক্ষণ কেন্দ্ৰ কৰিছে৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ মেধাৱী শিক্ষাৰ্থীক নতুন দিল্লীত বিনামূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আহিছে৷

বৰ্তমানলৈ ৮১জনে এই ক্ষেত্ৰৰ বিভিন্ন পৰ্যায়ত সফলতা লাভ কৰিছে৷ আজমল ফাউণ্ডেচনে ইতিমধ্যে নতুন দিল্লীৰ ‘জি এছ মেণ্টৰ’ লগত সংযুক্ত হৈ ২০১৬ত ১০জন আৰু ২০১৭ত ২০জন শিক্ষাৰ্থীক পৃষ্ঠপোষকতা কৰিছে৷ প্ৰতি বছৰে ৪০জন ছাত্ৰ আৰু ৪০গৰাকী ছাত্ৰীক অভিযান্ত্ৰিক আৰু চিকিৎসা শিক্ষা লাভ কৰাৰ বাবে প্ৰস্তুত কৰিবলৈ কৰিছে ‘আজমল ফাউণ্ডেচন ছুপাৰ ৪০ প্ৰ’গ্ৰেম’৷

এই মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীক সকলো স্তৰৰ পৃষ্ঠপোষকতা কৰে ফাউণ্ডেচনে৷ ২০০২ৰে পৰা প্ৰতি বছৰে তৃতীয় শ্ৰেণীৰ পৰা মহাবিদ্যালয়ৰ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত Ajmal National Talent Search Examination কৰি আহিছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ লগতে পশ্চিমবংগৰ শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰিব পৰা এই পৰীক্ষাত বৰ্তমানলৈ ৩,৬৩,৬৩৬জনে অংশগ্ৰহণ কৰিছে আৰু ৫৫,৯২৬জনলৈ চাৰ্টিফিকেট আৰু আৰ্থিক পুৰস্কাৰ প্ৰদান কৰিছে৷ ৮,৪৯৩জন আৰ্থিকভাৱে অতি দুৰ্বল ছাত্ৰ-ছাত্ৰীক চিকিৎসা শিক্ষাৰ পৰা সকলো স্তৰৰ শিক্ষা লাভ কৰাত সহায় কৰিছে ‘Ajmal Scholarship Programme’ৰ জৰিয়তে৷

aajmol foundation

গ্ৰাম্য অঞ্চলৰ শিক্ষাৰ প্ৰসাৰৰ বাবে শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনিৰ বাবে সহায় কৰি আহিছে ফাউণ্ডেচনে৷ কাৰিকৰী দিশটোৰ জৰিয়তে সংস্থাপনৰ পথ মুকলি কৰাৰ বাবে ফাউণ্ডেচনে পৰিচালনা কৰিছে ‘Ajmal Skill Developmentg & Livelihood Mission’ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সহযোগত ফাউণ্ডেচনে ইতিমধ্যে ১১,৭৫০জনক প্ৰশিক্ষণ দিয়া সম্পূৰ্ণ কৰাৰ লগতে দেশৰ ভিতৰে-বাহিৰে ৭,১০৯জনৰ সংস্থাপনৰ পথ মুকলি কৰি দিছে৷

শৈক্ষিক ক্ষেত্ৰ তথা মানৱ সম্পদ বিকাশৰ ক্ষেত্ৰত আজমল ফাউণ্ডেচনে আগবঢ়োৱা এই যাত্ৰাত ইতিমধ্যে ১৯,৪৪৪জন ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাতি লাভ কৰিছে৷ ফাউণ্ডেচনে পৰিচালনা কৰা শিক্ষানুষ্ঠানসমূহত বৰ্তমান ১৬,৫০২জন ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা লাভ কৰি আছে৷ হোজাইত এখন চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে ফাউণ্ডেচনে ইতিমধ্যে আন্তঃগাঁথনিৰ কাম আৰম্ভ কৰিছে৷ ১৫,২৫৩জন শিক্ষাৰ্থীক বিনামূলীয়া শিক্ষা লাভত সহযোগ কৰাৰ লগতে তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰখনতো আজমল ফাউণ্ডেচনে খোজ দিছে৷ ইতিমধ্যে ৩৩,৩০০জনক কম্পিউটাৰ শিক্ষা প্ৰদান কৰিছে৷ মহিলা সবলীকৰণৰ ক্ষেত্ৰখনত ১১,১৬০গৰাকীক সহায় কৰিছে৷

aajmol foundation

ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰখনৰ উত্তৰণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা আজমল ফাউণ্ডেচনৰ মুখ্য পৃষ্ঠপোষক আজমল গ্ৰুপ৷ ব্যৱসায় কৰাৰ লগে লগে সামাজিক দায়িত্ব বিশেষকৈ চিকিৎসা আৰু শিক্ষাৰ ক্ষেত্ৰখনত কাম কৰাৰ বাবে আজমল গ্ৰুপে ২০০৫ৰ পৰা আৰম্ভ কৰিলে আজমল ফাউণ্ডেচনে৷ যোৱা ১৩ বছৰত ফাউণ্ডেচনৰ জৰিয়তে মানৱ সম্পদ বিকাশৰ ক্ষেত্ৰত বহু পদক্ষেপ গ্ৰহণ কৰিছে৷

এই ক্ষেত্ৰত নেতৃত্ব দিছে আজমল ফাউণ্ডেচনৰ দুই ন্যাসৰক্ষী, সাংসদদ্বয় বদৰুদ্দিন আজমল আৰু ছিৰাজুদ্দিন আজমল৷ ৩০ বছৰ আগতেই বদৰুদ্দিন আজমলে সপোন দেখিছিল, হোজাইক উচ্চ শিক্ষাৰ অন্যতম কেন্দ্ৰ কৰাৰ৷ আজমল ফাউণ্ডেচনৰ জৰিয়তে সেই সপোন বাস্তৱ কৰিবলৈ আগবাঢ়িছে আজমল ভ্ৰাতৃদ্বয়ে৷

Your Comments