দিল্লী, উত্তৰ প্ৰদেশত আই এছ আই এছৰ লিংকমেনৰ বিৰুদ্ধে অভিযান নিয়াৰ, ১০জন আটক

w

আগন্তুক গণতন্ত্ৰ দিৱসৰ প্ৰাকক্ষণত ইছলামিক সংগঠন চমুকৈ আই এছ আই এছৰ বিৰুদ্ধে দিল্লী আৰু উত্তৰ প্ৰদেশৰ কিছু কিছু অঞ্চলত এন আই এয়ে অভিযান চলোৱা বুলি জানিব পৰা গৈছে৷ খবৰ অনুসৰি এন আই এৰ দুটা দলে দিল্লী আৰু উত্তৰ প্ৰদেশৰ কিছু অঞ্চলত আই এছ আই এছৰ লিংকমেন বিচাৰি আজি পুৱাৰে পৰা এই অভিযান আৰম্ভ কৰে।

w

এই অভিযানত ৰাজধানী দিল্লী আৰু উত্তৰ প্ৰদেশৰ  ১৭টা অঞ্চলত ১০ জন সন্দেহযুক্ত লোক আটক কৰিবলৈ সক্ষম হয়৷  এন আই এৰ দলটোৱে অভিযানটোত আটক হোৱা লিংকমেন কেইজনৰ ঘৰৰ পৰা বহু ধৰণৰ অপত্তিজনক নথিপত্ৰৰ লগতে ভালেকেইটা মোবাইল ফোন আৰু গুলীসহ অত্যাধুনিক ৰাইফাল অভিযান কালত জব্দ কৰিবলৈ সক্ষম হয়।

এন আই এৰ দলটোৱে আটক হোৱা সন্দহেযুক্ত লিংকমেন কেইজনক এন আই এয়ে সোধপোছ কৰাত তেওঁলোকে প্ৰকাশ কৰে যে তেওঁলোকে সুযোগৰ সন্ধানত আছিল বুলি জনায়। ইতিমধ্যে এন আই এৰ শীৰ্ষ বিষয়াই সন্দেহযুক্ত লিংকমেন কেইজনক লৈ তদন্ত অব্যাহত ৰাখিছে বুলি সংবাদ মাধ্যমৰ আগত মত ব্যক্ত কৰে।

Your Comments