অসমৰ ক্ৰিকেটপ্ৰেমীৰ বাবে এটা বিশেষ ভাল খবৰ ।
২০১৯ বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, চমুকৈ আই পি এলত দেখা যাব অসম সন্তান ৰিয়ান পৰাগক ।
ৰাজস্থান ৰয়েলছৰ হৈ খেলিব অসমৰ প্ৰতিভাৱান ক্ৰিকেটাৰজনে ।
১৮ ডিচেম্বৰত অনুষ্ঠিত আই পি এলৰ নিলামত ৰাজস্থান ৰয়েলছে ৰিয়ানক ক্ৰয় কৰে ২০ লাখ টকাত ।
ৰিয়ান হৈছে আই পি এল ত খেলিবলৈ সুযোগ পোৱা অসমৰ দ্বিতীয়গৰাকী ক্ৰিকেটাৰ ।
ইয়াৰ পূৰ্বে আবু নেছিম আহমেদে খেলিছিল মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ, বাংগালুৰুৰ হৈ ।
আক্ৰমণাত্মক বেটিং আৰু স্পীন বলিঙৰ পাৰদৰ্শিতাৰে ৰিয়ান দেশৰ এজন প্ৰতিশ্ৰুতিসম্পন্ন অল ৰাউণ্ডাৰ
সুখ্যাত সাঁতোৰবিদ মিঠু বৰুৱা আৰু ক্ৰিকেটাৰ পৰাগ দাসৰ পুত্ৰ ৰিয়ান ১৯ অনূৰ্ধ্ব বিশ্ব কাপ জয়ী ভাৰতীয় দলৰ অন্যতম সদস্য আছিল ।
২০১৭-১৮ বৰ্ষত অসম ৰঞ্জী দলৰ সদস্য হিচাপে তেওঁৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক ঘটিছিল ।
- Log in to post comments
- 66 views