এডিলেইড টেষ্টত টীম ইণ্ডিয়াৰ ঐতিহাসিক জয়

এডিলেইড টেষ্টত টীম ইণ্ডিয়াৰ ঐতিহাসিক জয়

বিদেশৰ মাটিত পোন প্ৰথমবাৰৰ বাবে আৰম্ভণি টেষ্ট জয়ৰ সোৱাদ লাভ কৰিছে টীম ইণ্ডিয়াই ৷ অষ্ট্ৰেলিয়াত চলি থকা ভাৰত-অষ্ট্ৰেলিয়াৰ চাৰিখনীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টত ভাৰতে ৩১ ৰাণত জয়লাভ কৰি এই ইতিহাস ৰচনা কৰে ৷

এডিলেইডত চলি থকা প্ৰথম টেষ্টৰ আজি অন্তিম দিনটোত ভাৰতে এই ঐতিহাসিক জয়েৰে টেষ্ট শৃংখলাটোত ১-০ৰ অগ্ৰগতি লাভ কৰে ৷ জয়ৰ বাবে ৩২৩ ৰাণৰ লক্ষ্যৰে দ্বিতীয় ইনিংছ আৰম্ভ কৰা অষ্ট্ৰেলিয়াই কোনো সময়তে জয়ৰ সম্ভাৱনা জগাই তুলিবলৈ সক্ষম নহ'ল ৷

111

২৯১ ৰাণতে থমকি ৰয় অষ্ট্ৰেলিয়াৰ দ্বিতীয় ইনিংছ ৷ আনহাতে, ১৯০২ চনৰ পিছত ভাৰতীয় দলৰ এডিলেইডত এইটো হ'ল প্ৰথম সফল বিজয় ৷ ঋষভ পণ্টে মুঠ ১১টা কেচ ধৰি এতিয়ালৈকে এখন টেষ্টত সৰ্বাধিক কেচ আয়ত্ত কৰা প্ৰথম ভাৰতীয় উইকেট কীপাৰ হিচাপেও ইতিহাসৰ পাতত নাম লিপিবদ্ধ কৰে ৷

অহা ১৪ ডিচেম্বৰত দুয়োটা দলে পাৰ্থত দ্বিতীয় টেষ্টত মুখামুখি হ'ব ৷ উল্লেখ্য যে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম টেষ্টখনত আলহী দলটোৱে বেটিং, বলিং, ফিল্ডিং সকলো দিশতে উজলি উঠে ৷

Your Comments