৩,৮৬,৮৪১ ভোটাৰে নিৰ্ণয় কৰিব গোলাঘাট সদৰ মহকুমাৰ পঞ্চায়ত প্ৰাৰ্থীৰ ভাগ্য 

ৌ

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন

গোলাঘাট সদৰৰ মুঠ ৬৩২টা ভোট গ্ৰহণ কেন্দ্ৰত আজি পুৱা ৭ বজাৰ পৰা প্ৰথম পৰ্যায়ৰ ভোটদান আৰম্ভ হয়। বৰ্তমান অসম চৰকাৰৰ শাসকীয় দল বিজেপি আৰু কংগ্ৰেছৰ মাজতে প্ৰতিদ্বন্দ্বিতা হোৱাৰ প্ৰবল সম্ভাৱনা দেখা গৈছে৷ এই পঞ্চায়ত নিৰ্বাচনী যুঁজত গোলাঘাট সমষ্টিৰ বিধায়িকা তথা প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগে গোলাঘাটৰ ফেছুৱাল মোক্তাব প্ৰাথমিক বিদ্যালয়ত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে৷

ৌ

তেওঁ বিজেপি চৰকাৰে ৰাইজক দিয়া প্ৰতিশ্ৰুতি ভংগ কৰাত প্ৰতাৰণাৰ উচিত প্ৰত্যুত্তৰ দিবলৈ আজি ৰাইজ ওলাই আহিছে বুলি মন্তব্য কৰে। ইফালে খুমটাই সমষ্টিৰ শাসকীয় দলৰ বিধায়ক মৃণাল শইকীয়াই পুৱা ভোটদান কৰি সমষ্টিটোৰ ৪খন জিলা পৰিষদ, ১৮ খন গাওঁ আৰু আঞ্চলিক পঞ্চায়ত, ১৮০ টা ৱাৰ্ড বিজেপিয়ে দখল কৰিব বুলি দাবী কৰে। আনহতে প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে ২নং ৱাৰ্ডৰ খুমটাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভোটদান সাব্যস্ত কৰি কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী অগপ বুলিহে ব্যক্ত কৰে।

ইয়াৰ লগতে ১ নং হাবিয়াল গাঁৱৰ হাবিচুকৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত এক গুলীচালনাৰ ঘটনা সংঘটিত হয়। ভোট গ্ৰহণ কেন্দ্ৰৰ সমীপত জ্ঞানেন্দ্ৰ ৰাজখোৱা নামৰ এজন লোকে চোকা অস্ত্ৰ লৈ ভোটাৰক ভাবুকি দিয়াত আৰু আৰক্ষীলৈ চোঁচা লোৱাত আৰক্ষীৰ লোকে গুলীচালনা কৰি লোকজনক কৰায়ক্ত কৰে।

ে

ইতিমধ্যে লোকজনক গোলাঘাটৰ ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। চৰকাৰী সূত্ৰে প্ৰকাশ যে গোলাঘাটত বিয়লি লৈকে ৫৩% ভোট দান সম্পন্ন  হৈছে।

Your Comments