নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা
আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল গুৰুজনাৰ জন্মস্থান শ্ৰীশ্ৰী বটদ্ৰৱা থানত উপস্থিত হয় ৷ দিনটো অন্যান্য স্থানৰ লগতে শেষত মৰিগাঁও জিলাৰ লাহৰিঘাটৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মুখ্য মন্ত্ৰীগৰাকী হেলিকপ্টাৰযোগে বটদ্ৰৱালৈ আহে ৷
বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ অস্থায়ী হেলিপেডত নগাঁও জিলাৰ উপাযুক্ত তথা আৰক্ষী অধীক্ষকে মুখ্য মন্ত্ৰীগৰাকীক আদৰণি জনায় ৷
বিজেপি দলে অসমত চৰকাৰ গঠন কৰাৰ পিছত অনাগত দুটা দিনত ভোট গ্ৰহণ হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনটো হৈছে প্ৰথমটো নিৰ্বাচন ৷ এই পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে ৰাইজৰ মাজত বিজেপি দল তথা মুখ্য মন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালৰ জনপ্ৰিয়তা একপ্ৰকাৰ নিৰ্ণয় কৰিব ৷
সেয়ে সোমবাৰে নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি মাৰি সৰ্বানন্দ সোণোৱালৰ সন্মানৰ প্ৰশ্ন হিচাপে চিহ্নত পঞ্চায়ত নিৰ্বাচনত ভাল ফলাফল কামনাৰে মহাপুৰুষ গুৰুজনাৰ আশীৰ্বাদ বিচাৰিয়েই মুখ্য মন্ত্ৰী সোণোৱালে সেৱা নিবেদন কৰে পুণ্যভূমি বটদ্ৰৱা থানত ৷
মুখ্য মন্ত্ৰীগৰাকীয়ে কীৰ্তনঘৰত প্ৰায় ২০ মিনিট সময় বহি সন্ধ্যা প্ৰংসগত ভাগ লোৱাৰ লগতে সত্ৰাধিকাৰৰ পৰা ধৰ্মীয় দিহা-পৰামৰ্শ গ্ৰহণ কৰি আশিস নিৰ্মালি গ্ৰহণ কৰে ৷
পবিত্ৰ আকাশী গংগাৰ তীৰত থান পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ স'তে বহুসময় ধৰি গুৰুজনাৰ একশৰণ নামধৰ্ম সম্পৰ্কে বাৰ্তালাপ কৰি বিগত দিনকেইটাৰ ব্যস্ততাপূৰ্ণ কাৰ্মসূচীৰ পিছত বটদ্ৰৱা থানলৈ আহি সুন্দৰ আধ্যাত্মিক বাতাৱৰণত মানসিক প্ৰশান্তি লাভ কৰা বুলি মন্তব্য কৰে ৷
সম্পূৰ্ণ ধৰ্মীয় কাৰ্যসূচীৰে বটদ্ৰৱা থানত প্ৰায় দুঘণ্টা অতিবাহিত কৰাৰ অন্তত মুখ্য মন্ত্ৰীগৰাকী পদপথে গুৱাহাটী অভিমুখে ৰাওনা হয় ৷ বটদ্ৰৱা থান দৰ্শনৰ সময়ত বিধায়িকা আঙুৰলতা ডেকা, নগাঁও জিলা উপাযুক্ত বিশ্বজিৎ পেগু, নগাঁও জিলা আৰক্ষী অধীক্ষক শঙ্কৰব্ৰত ৰায় মেধিৰ লগতে শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী প্ৰমুখ্যে কাৰ্যনিৰ্বাহক সদস্যসকলে মুখ্য মন্ত্ৰীগৰাকীক সংগ দিয়া পৰিলক্ষিত হয় ৷
- Log in to post comments
- 22 views