মৰিগাঁৱৰ পৰা জিতুমণি নাথ
মিত্ৰ দল অগপ আৰু বিজেপিৰ মাজত ক্ৰমাৎ ব্যৱধান বৃদ্ধি হৈছে । দুই মিত্ৰ দল অগপ আৰু বিজেপিৰ মাজত পঞ্চায়ত নিৰ্বাচনক লৈ চলি থকা আক্ৰমণ-প্ৰত্যাক্ৰমণে দুই মিত্ৰ দলৰ মাজত যে ব্যৱধান বৃদ্ধি কৰিছে সেই কথা অসমৰ ৰাইজে অনুমান কৰি থকাৰ সময়তে আজি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে মৰিগাঁৱত কৰে অন্য এক বিষ্ফোৰণ ।
প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ অন্তিম দিনটোত মৰিগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে মিত্ৰ দল অগপক কঠোৰভাৱে সমালোচনা কৰি অগপক বিশ্বাসঘাতক আৰু প্ৰতাৰকৰ দল আখ্যা দিয়ে ।
ইমানতে ক্ষান্ত নাথাকি বিজেপিৰ মুখপাত্ৰজনে এইবাৰ পঞ্চায়ত নিৰ্বাচনত অগপ দলে কংগ্ৰেছক সহায়ৰ বাবে নিয়োজিত হোৱা বুলি গুৰুত্বপূৰ্ণ অভিযোগ তোলে ।
অগপৰ বিৰুদ্ধে সৰৱ হৈ পৰা গোস্বামীয়ে অগপ দলে ক্ষমতাৰ বাবে ইতিমধ্যে বহু কাম কৰি আহিছে বুলি উল্লেখ কৰে । ৮৫৫জন ছহিদৰ মূল্যক প্ৰতাৰণা কৰি এতিয়া অগপই কংগ্ৰেছৰ লগ লাগিছে বুলিও অভিযোগ কৰে ।
বিজেপিৰ ভোট বিভাজন কৰিবলৈ অগপই প্ৰতিদ্বন্দ্বিতাত নামি পৰিছে বুলি উল্লেখ কৰি আমি মিত্ৰতাৰ বাবে শেষ মুহূৰ্তলৈ অপেক্ষা কৰিছিলো যদিও অগপই আমাক কোনো গুৰুত্ব নিদিলে বুলি প্ৰকাশ কৰে ।
অগপ দলক বহু বিশ্বাস কৰা বুলি কৈ মিত্ৰতাত থাকি যে তলে তলে চুৰি মাৰিব সেইতো বিশ্বাস কৰিব পৰা নাছিলো বুলিও বিজেপিৰ মুখপাত্ৰগৰাকীয়ে অভিযোগ তোলে ।
অগপৰ লগত বিজেপিৰ মিত্ৰতা নোহোৱাটো দুৰ্ভাগ্যজনক বুলি কৈ গোস্বামীয়ে আমাৰ উন্নয়ন সহ্য কৰিব নোৱাৰা বাবেই অগপই এনে দুৰ্ভাগ্যজনক পন্থা অৱলম্বন কৰা বুলি মন্তব্য কৰে ।
জিলা বিজেপিৰ উপ-সভাপতি সুৰেন দাস, ৰাজ্যিক সদস্যা অৰ্চনা বৰদলৈ, সম্পাদক প্ৰবীণ মেধি আদিয়ে অংশগ্ৰহণ কৰা সংবাদমেলত মৰিগাঁও বিধানসভা সমষ্টিৰ ২১টা গাঁও পঞ্চায়তৰ ভিতৰত এইবাৰ পঞ্চায়ত নিৰ্বাচনত বিজেপি আৰু মিত্ৰজোঁট দলে ১৮টা গাঁও পঞ্চায়ত দখল কৰাৰ লগতে ৪টা জিলা পৰিষদৰ ৪টাতে বিজয়ৰ হাহিঁ মাৰিব বুলি দাবী কৰে ।
- Log in to post comments
- 12 views