মাজুলীৰ পৰা ৰাজীৱ পাতিৰ
এইবাৰৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অহা ৫ ডিচেম্বৰত মাজুলী জিলাৰ ৪খন জিলা পৰিষদীয় আসনৰ লগতে আঞ্চলিক পঞ্চায়ত সদস্যৰ ২০খন আসন, গাঁও পঞ্চায়ত সভাপতি পদৰ ২০খন আসন আৰু ১৯৪টা ৱাৰ্ড সদস্য পদৰ আসনৰ বাবে ভোটগ্ৰহণ কৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে জিলা প্ৰশাসনে ।
অহা বুধবাৰে পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ নদীদ্বীপ জিলাখনৰ ২০১টা ভোটগ্ৰহণ কেন্দ্ৰত এই পঞ্চায়তৰাজ নিকায়সমূহৰ প্ৰতিনিধি বা:নিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব ।
জিলাখনৰ অতি দুৰ্গম তথা ব্ৰহ্মপুত্ৰৰ চাপৰি এলেকা সামৰি থকা আঁহতগুৰি আৰু দক্ষিণ আঁহতগুৰি গাঁও পঞ্চায়ত দুখনৰ অন্তৰ্গত ২০টা দূৰণিবটীয়া ভোটকেন্দ্ৰলৈ আজি পুৱাই বেলট বাকচ তথা আন ভোটগ্ৰহণৰ সামগ্ৰীসহ প্ৰিজাইডি বিষয়া, প'লিং বিষয়া আৰু আৰক্ষীৰ মুঠ ১৪০জনীয়া দলৰ লগতে খণ্ডস্তৰীয় বিষয়াসকল জিলা সদৰ গড়মূৰৰ পৰা ৰাওনা হয় ।
ইয়াৰে বেছিসংখ্যক ভোটগ্ৰহণ কেন্দ্ৰৰ দায়িত্বত নিয়োজিত ভোটগ্ৰহণকাৰী বিষয়া-কৰ্মচাৰীৰ দলে ফেৰীৰে নিমাতীঘাটলৈ পাৰ হোৱাৰ পাছত যোৰহাট আৰু দেৰগাঁও হৈ নিজ নিজ কেন্দ্ৰলৈ যাত্ৰা কৰে ।
একেদৰে আন ৫টা ভোটগ্ৰহণকাৰী দলে ধূনাগুৰি ঘাট ফেৰীৰে পাৰ হৈ লখিমপুৰ জিলাৰ বিহপুৰীয়া হৈ আঁহতগুৰি পঞ্চায়তৰ অন্তৰ্গত নিজ ভোটকেন্দ্ৰলৈ আজি ৰাওনা হয় ।
জিলাখনৰ মূল ভূখণ্ড সামৰি থকা অৱশিষ্ট ১৮১টা ভোটগ্ৰহণ কেন্দ্ৰলৈ কাইলৈ পুৱাৰ ভাগতে প্ৰিজাইডিং বিষয়া-প'লিং বিষয়াৰ দলসমূহে বেলট কাকত, বেলট বাকচকে ধৰি প্ৰয়োজনীয় নিৰ্বাচনী সামগ্ৰীসহ ভাগে ভাগে ৰাওনা হ'ব ।
ইফালে, ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি অহা বুধবাৰে ভোটাৰ ৰাইজে ভোটকেন্দ্ৰত নিজৰ পৰিচয়সূচক নথি দেখুৱাইহে ভোটদান কৰিব পাৰিব ।
ইয়াৰ বাবে আয়োগে নিৰ্ধাৰণ কৰি দিয়া ১০বিধ নথিৰ ভিতৰৰে যিকোনো এখন ভোটাৰে লগত লৈ আহিলেহে ভোটদানৰ সুযোগ পাব । এই ১০বিধ নথি হৈছে- ফটোসম্বলিত ভোটাৰ পৰিচয়-পত্ৰ, ফটোসম্বলিত ভোটাৰ তালিকা, পাৰপত্ৰ, ড্ৰাইভিং লাইচেন্স, পেন কাৰ্ড, চাকৰিৰ প্ৰমাণ-পত্ৰ, পেন্সনাৰৰ পৰিচয় পত্ৰ, বিদ্যালয়-বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পৰিচয়-পত্ৰ, ফটোসম্বলিত বেংকৰ পাছবুক বা পৰিচয়-পত্ৰ আৰু এমজি এনৰেগাৰ জব-কাৰ্ড ।
উল্লেখ্য যে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত মাজুলী জিলাৰ মুঠ ১,১৫,১৩০গৰাকী ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ সুযোগ পাব । আনহাতে, মাজুলী জিলা পৰিষদৰ ৪খন আসনত মুঠ ১১গৰাকী, মাজুলী আৰু উজনি মাজুলী আঞ্চলিক পঞ্চায়ত দুখনৰ সদস্য পদৰ মুঠ ২০ আসনৰ বাবে ৫৬গৰাকী আৰু ২০খন গাঁও পঞ্চায়তৰ সভাপতি পদৰ বাবে ৬৬গৰাকী প্ৰাৰ্থীয়ে এই নিৰ্বাচনত অৱতীৰ্ণ হৈছে ।
একেদৰে জিলাখনৰ ২০খন গাঁও পঞ্চায়তৰ ১৯৪টা ৱাৰ্ডৰ সদস্য পদৰ বাবে প্ৰতিদ্বন্দ্বিতাত নমা মুঠ প্ৰাৰ্থীৰ সংখ্যা হৈছে ৫৪১গৰাকী । ইতিমধ্য ৩টা ৱাৰ্ড সদস্যৰ আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে এগৰাকীকৈ প্ৰাৰ্থী বিজয়ী হোৱাৰ বিপৰীতে আসন সংৰক্ষণ সম্পৰ্কীয় কাৰিকৰী বিসংগতিৰ বাবে আন ৩টা ৱাৰ্ডৰ সদস্য পদৰ ক্ষেত্ৰত নিৰ্বাচন সদ্যহতে স্থগিত কৰা হয় ।
- Log in to post comments
- 10 views