চেঙাৰ পৰা সুৰজিৎ পাঠক
আসন্ন পঞ্চায়ত নিৰ্বাচনক লৈ সম্প্ৰতি ৰাজ্যজুৰি ৰাজনীতিৰ বতাহ গৰম হৈ আছে । প্ৰতিটো ৰাজনৈতিক দলে নিজৰ প্ৰাৰ্থীক জয়যুক্ত কৰি নিয়াৰ অংকত ব্যস্ত আছে । ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলেই তীব্ৰ প্ৰচাৰ অভিযানত নামি পৰা পৰলক্ষিত হৈছে ।
তৃণমূল পৰ্যায়ৰ দলীয় কৰ্মীসকলৰ মাজতো পৰিলক্ষিত হৈছে ৰাজনৈতিক তৎপৰতা । দ্বিতীয় পৰ্যায়ত নিৰ্বাচন হ'বলগীয়া নলবাৰী জিলাৰ বৰক্ষেত্ৰীও তাৰ ব্যতিক্ৰম নহয় ।
বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত দৌলাশাল জিলা পৰিষদীয় সমষ্টিটো পূৰ্বৰ তিনিটা কাৰ্যকাল কংগ্ৰেছৰ দখলতে আছিল যদিও আসন্ন নিৰ্বাচনত কংগ্ৰেছ দলে মুখথেকেচা খোৱাৰ সম্ভাৱনাই প্ৰবল হৈ পৰিছে ।
প্ৰাৰ্থিত্ব প্ৰদানত খেলিমেলি আৰু বিগত সময়ত ব্লক পৰ্যায়ত সংঘটিত ব্যাপক খেলিমেলিৰ অভিযোগ উত্থাপিত হৈ আহিছে প্ৰধান বিৰোধী দলটোৰ বিৰুদ্ধে ।
তৎসত্ত্বেও দলটোৱে উক্ত পৰিষদীয় সমষ্টিটো পুনৰ দখলত ৰখাৰ আপ্ৰাণ চেষ্টা চলোৱাৰ বিপৰীতে শাসকীয় বিজেপি আৰু মিত্ৰদল অগপই কঁকালত টঙালি বান্ধি নিৰ্বাচনী যুঁজত নামি পৰিছে ।
শাসকীয় দল বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে প্ৰাক্তন ছাত্ৰকৰ্মী, দক্ষ অভিনেতা তথা জনপ্ৰিয় এংকৰ বিৰাজ মেধিয়ে । যুৱ প্ৰজন্মৰ মাজত সুপৰিচিত, ছাত্ৰ অৱস্থাৰ পৰাই সমাজ তথা জাতিৰ হকে কাম কৰি অহা যুৱ প্ৰাৰ্থী বিৰাজ মেধিয়ে ইতিমধ্যে বিধায়ক নাৰায়ণ ডেকাক লগত লৈ ব্যাপক প্ৰচাৰ আৰু ৰণকৌশল অৱলম্বন কৰিছে ।
বিধায়ক নাৰায়ণ ডেকাইও যুৱ প্ৰাৰ্থীগৰাকীক জয়ী কৰোৱাৰ বাবে দিনে-নিশাই চেষ্টা অব্যাহত ৰাখিছে । লক্ষণীয় যে বিৰাজ মেধিৰ জয়ত প্ৰত্যাহ্বান হিচাপে থিয় দিছে অগপ প্ৰাৰ্থী জগদাচৰণ তালুকদাৰে ।
এইবাৰ বিজেপি আৰু অগপই পৃথকে পৃথকে নিৰ্বাচনত অৱতীৰ্ণ হোৱাত দুয়োটা দল তীব্ৰ প্ৰত্যাহ্বানৰ সন্মূখীন হ'ব পাৰে বুলিও চৰ্চা চলিছে ৰাজনৈতিক মহলত ।
বিজেপিৰ হেঙাৰ হিচাপে সবল ৰূপত আত্মপ্ৰকাশ কৰিছে অগপৰ প্ৰাৰ্থী অৱসৰী শিক্ষক তথা অঞ্চলটোৰ প্ৰিয় সমাজকৰ্মী জগদাচৰণ তালুকদাৰ । অঞ্চলটোৰ বিভিন্ন সামাজিক কামত জড়িত থাকি ৰাইজৰ মাজত সুপৰিচিতি লাভ কৰা প্ৰাৰ্থীগৰাকীক লৈ অগপ দলত উচাহৰ ঢল বৈছে ।
ইতিমধ্যে অঞ্চলটোৰ প্ৰতিঘৰ মানুহৰ ঘৰে ঘৰে গৈ প্ৰচাৰ চলাইছে অগপ প্ৰাৰ্থীগৰাকীয়ে । নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰ লগতে পঞ্চায়তসমূহৰ সামগ্ৰিক উন্নয়নক ইছ্যু হিচাপে লৈ নিৰ্বাচনী প্ৰচাৰ তীব্ৰ কৰি তুলিছে অগপ প্ৰাৰ্থীগৰাকীয়ে ।
ইফালে বিৰোধী দল কংগ্ৰেছে জিলা পৰিষদখনৰ প্ৰাক্তন সদস্য জেহেৰুল হকক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । বিগত সময়ৰ কাৰ্যকালত হোৱা ব্যাপক খেলিমেলিৰ বাবে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ প্ৰতি সাধাৰণ ভোটাৰৰ মোহভংগ হোৱা দেখা গৈছে ।
তেওঁৰ প্ৰাৰ্থিত্বত ক্ষুণ্ণ হৈ একাংশ কংগ্ৰেছ কৰ্মী-সমৰ্থকে ইতিমধ্যে শাসকীয় দল বিজেপিৰ শিবিৰত অৱস্থান কৰিছে । আনহাতে, প্ৰতিষ্ঠানবিৰোধী ঢৌৰ বাবেও বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনাই দেখা দিছে কংগ্ৰেছ প্ৰাৰ্থীজনৰ প্ৰতি ।
লক্ষণীয় যে বিজেপি আৰু অগপৰ মাজত হোৱা ভোট বিভাজনৰ ফলত মূৰকত হয়তো কংগ্ৰেছ প্ৰাৰ্থীজনৰ ভাগ্যও উদয় হ'ব পাৰে । কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনৰ উত্তৰসুৰী পুত্ৰ দিগন্ত বৰ্মনৰ ছত্ৰছায়াত এই আসনখন কংগ্ৰেছে পুনৰ দখল কৰিবলৈ সক্ষম হ'বনে নহয় সেয়া সময়হে ক'ব ।
পাঁচখন গাঁও পঞ্চায়তেৰে গঠিত দৌলাশাল জিলা পৰিষদৰ আসনখনক লৈ এতিয়া ভোটাৰৰ মাজত অধিক উৎসুকতাই দেখা দিছে । অগপৰ প্ৰত্যাহ্বান ৰোধ কৰি শাসকীয় দল বিজেপিয়ে কংগ্ৰেছৰ পৰা কেনেকৈ আসনখন উদ্ধাৰ কৰে সেয়া সময়েহে ক'ব ।
- Log in to post comments
- 5 views