কলিয়াবৰত অগপৰ দুৰ্গত কেশৱ মহন্তক তুলাধুনা হিমন্ত বিশ্বৰ

কলিয়াবৰত অগপৰ দুৰ্গত কেশৱ মহন্তক তুলাধুনা হিমন্ত বিশ্বৰ

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ

পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে কলিয়াবৰত উপস্থিত হৈ অগপৰ দুৰ্গ হিচাপে খ্যাত মন্ত্ৰী কেশৱ মহন্তক কটাক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

আজি জখলাবন্ধা মিলন সংঘৰ বাকৰিত প্ৰায় আঠ সহস্ৰাধিক ৰাইজৰ উপস্থিতিত অসম গণ পৰিষদক এক প্ৰকাৰৰ প্ৰত্যাহ্বান জনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

সভাত স্থানীয় বিধায়ক তথা  জলসম্পদ মন্ত্ৰী কেশৱ মহন্তক অগপৰ অস্তিত্ব ৰক্ষাৰ বাবে বিজেপিক ভোট দিবৰ বাবে মুকলিকৈ আহ্বান জনায় । যোৱা বিধানসভা নিৰ্বাচনত মিত্ৰতা কৰাৰ বাবে কলিয়াবৰৰ আসনখন অগপক এৰি দিবলগা হ'ল, যাৰবাবে আজি কেশৱ মহন্তই মন্ত্ৰী হৈ থাকিব পাৰিছে আৰু ইয়াৰ এশ শতাংশ কৃতিত্ব বিজেপিৰ বুলিও কয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

কলিয়াবৰত অগপৰ দুৰ্গত কেশৱ মহন্তক তুলাধুনা হিমন্ত বিশ্বৰ

সভাত কংগ্ৰেছক ৰোলাৰ আৰু অগপক শিলগুটি আখ্যা দি কয় যে এইবাৰ অগপই কংগ্ৰেছৰ লগ লাগি বিজেপিক পৰাজিত কৰিবৰ বাবে যি কৌশল অৱলম্বন কৰিছে অনাগত দিনত কংগ্ৰেছৰ ৰোলাৰে অগপক ৰাস্তাত শিলগুটি চেপাদি চেপি দলটোক যে নিঃশেষ কৰিব ই নিশ্চিত বুলি মন্তব্য কৰে । ইফালে কংগ্ৰেছ দলক লুঙী-টুপীৰ ৰাজনীতি কৰা বুলি কটাক্ষ কৰে ।

বৰদোৱাৰ পৰা অবৈধ বাংলাদেশীক উচ্ছেদ কৰাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলৰ পৰা অবৈধ বিদেশীক বহিষ্কাৰ কৰি  কাজিৰঙাৰ গঁড় ৰক্ষা কৰিবলৈ চৰকাৰে সক্ষম হোৱা বুলি সভাত কয় ।

ইফালে ৰাইজলৈ আগবঢ়োৱা চৰকাৰী আঁচনিসমূহৰ বিষয়ে সভাত প্ৰচাৰ কৰি ভোটাৰ ৰাইজৰ মন জয় কৰিবলৈ চেষ্টা কৰে মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই । সভাত বিজেপিৰ ৰাজ্যিক সম্পাদক দিপ্লুৰঞ্জন শৰ্মা, কলিয়াবৰ জিলাৰ সভাপতি অনিল শইকীয়াকে ধৰি কেইবাগৰাকীও বিজেপিৰ বিষয়ববীয়া উপস্থিত থাকে ।

Your Comments