গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
পঞ্চায়তীৰাজ ব্যৱস্থাত ৰাইজৰ সহযোগিতা কামনা কৰি আজি গোলাঘাট বিধানসভা সমষ্টিৰ ঊষা গৰঙা অঞ্চলত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পঞ্চায়ত নিৰ্বাচনৰ আগমুহূৰ্তত উপস্থিত হৈ নিৰ্বচনী প্ৰচাৰত অংশ লয় ।
ভাষণ প্ৰসংগত মুখ্য মন্ত্ৰীজনে কয় যে অসমৰ ভৱিষ্যৎ ভাৰতবৰ্ষৰ বুকুত শক্তিশালী ৰূপত গঢ় দিবলৈ হ'লে পঞ্চায়তীৰাজ ব্যৱস্থা সঠিকভাৱে পৰিচালিত হোৱাৰ আৱশ্যকতা আছে ।
বিগত কালত ৬০ বছৰ শাসনৰ বাঘজৰী লোৱা কংগ্ৰেছ চৰকাৰে কিন্তু মানুহৰ বিশ্বাসত চেঁচা পানী ঢালি গাঁওসমূহৰ কোনো উন্নতি কৰিব নোৱাৰিলে ।
বৰঞ্চ কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ ধন আত্মসাৎ কৰি এই ব্যৱস্থাক দুৰ্নীতিৰে পুতি পেলালে । ফলত গ্ৰামাঞ্চলৰ কোনো উন্নতিসাধন নহ'ল । কংগ্ৰেছৰ শাসনকালত দুৰ্নীতি, ভ্ৰষ্টাচাৰে কোঙা কৰা সমাজ ব্যৱস্থাত, বৰ্তমান ভাৰতীয় জনতা দলৰ সুশাসনে দুৰ্নীতি হ্ৰাস কৰি ভাৰতবৰ্ষত এক পৰিবৰ্তন আনিবলৈ সক্ষম হৈছে ।
যিটো বিজেপিৰ মূল্যবোধ, সততা, নিষ্ঠা, আন্তৰিকতা, কঠোৰ পৰিশ্ৰম আৰু সাধনাৰ বাবেহে সম্ভৱ হোৱা বুলি ব্যক্ত কৰে । সেই একে আদৰ্শেৰে আজি নতুন অসম গঢ়িব লাগিব বুলিও উল্লেখ কৰে মুখ্য মন্ত্ৰীজনে ।
অৰ্থাৎ অসমৰ ৮৭% গ্ৰামাঞ্চলৰ লোক শক্তিশালী হ'লেহে দেশৰ সৰ্বাংগীণ উন্নতি সম্ভৱ হ'ব । আজি মুখ্য মন্ত্ৰীয়ে অসমৰ ৰাইজৰ বিশ্বাস ভংগ কৰা নাই বুলিও দৃঢ়তাৰে উল্লেখ কৰি দুৰ্নীতি, বিদেশী, সন্ত্ৰাসবাদমুক্ত আৰু প্ৰদূষণমুক্ত অসম গঢ়াৰ সংকল্পৰে পঞ্চায়তীৰাজ ভাৰতীয় জনতা দলৰ হাতত অৰ্পণ কৰিবলৈ গাঁওবাসীলৈ আহ্বান জনায় ।
আজি প্ৰায় ১০ হাজাৰ লোকে লোকাৰণ্য হোৱা এই নিৰ্বাচনী সভাত মুখ্য মন্ত্ৰীক সহযোগ কৰে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, বিতুপন শইকীয়া, বিজেপিৰ গোলাঘাট জিলাৰ সভাপতি দেৱজিত বৰা আদিয়ে ।
ইয়াৰ লগতে ১০নং ওৱাটিং জিলা পৰিষদৰ প্ৰাৰ্থী ৰাজশ্ৰী বৰা, ১১নংৰ প্ৰবীণ বৰা, ১২নং পৰিষদৰ নিমিশা সন্দিকৈ আদিয়ে একোখনিকৈ গোমোচাৰে মুখ্য মন্ত্ৰীক আদৰণি জনায় ।
- Log in to post comments
- 9 views