সংবাদ মাধ্যমৰ বাতৰিত তোলপাৰ বটদ্ৰৱা থান : অব্যাহতি-পত্ৰ দাখিল সম্পাদকৰ

সংবাদ মাধ্যমৰ বাতৰিত তোলপাৰ বটদ্ৰৱা থান : অব্যাহতি-পত্ৰ দাখিল সম্পাদকৰ

নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা

গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ সাধাৰণ সম্পাদকৰ দৰে সন্মানীয় তথা গুৰুত্বপূৰ্ণ পদৰ দায়িত্বত থাকি ঐতিহাসিক বটদ্ৰৱা থানখনক গেৰুৱাকৰণ কৰাৰ পিছত বৰ্তমান বিজেপি দলৰ হৈ মুকলিভাৱে প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ উপদেষ্টা ব্ৰজেন কাকতি ৷

যোৱা ৩০ নৱেম্বৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বটদ্ৰৱা সমষ্টিৰ কপাহেৰা খেলপথাৰত অংশগ্ৰহণ কৰা বিজেপিৰ এখন নিৰ্বাচনী সভাত শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ব্ৰজেন কাকতিয়ে সভাখনৰ আঁতধৰি ভাষণ প্ৰসংগত কংগ্ৰেছ-অগপক ক্ষুৰধাৰ সমালোচনা কৰা কাৰ্যত চৌদিশে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ 

বিভিন্ন সংবাদ মাধ্যমত এই সন্দৰ্ভত প্ৰকাশিত 'মুখ্য মন্ত্ৰীৰ সভাত বিজেপিৰ হৈ প্ৰচাৰ বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সম্পাদকৰ, থান পৰিচালনা সমিতিৰ ভিতৰচ'ৰাত বিৰূপ প্ৰতিক্ৰিয়া, পদমৰ্যাদাৰ কথা পাহৰিছে ব্ৰজেন কাকতিয়ে' শীৰ্ষক বাতৰি প্ৰকাশ হোৱাৰ পিছতেই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷

একাংশ লোকে এই সন্দৰ্ভত পৰিচালনা সমিতিৰ সভাপতিগৰাকীৰ পৰা স্পষ্টীকৰণ বিচৰাৰ লগতে একাংশ দল-সংগঠন তথা পৰিচালনা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্যই সাধাৰণ সম্পাদক ব্ৰজেন কাকতিৰ কাৰ্যালয়ত তলা লগাই দিয়াৰ প্ৰস্তুতি চলায় ৷ ইয়াৰোপৰি বিষয়টোৱে বিজেপি দলৰ ভিতৰচ'ৰাতো সৃষ্টি কৰে প্ৰতিক্ৰিয়াৰ ৷

নিৰ্বাচনৰ সময়ত এনেবোৰ স্পৰ্শকাতৰ বিষয়ে দলটোক ক্ষতি কৰাৰ আশংকা প্ৰকাশ কৰি ওপৰ মহলে ব্ৰজেন কাকতিক বটদ্ৰৱা থানৰ সাধাৰণ সম্পাদক পদৰ পৰা তৎকালে অব্যাহতি ল'বলৈ নিৰ্দেশ দিয়ে বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে ৷

বটদ্ৰৱাবাসী ৰাইজৰ লগতে কাৰ্যনিৰ্বাহকত ব্যাপক তিৰস্কাৰৰ সন্মুখীন হোৱাৰ ভয়ত তথা দলীয় নিৰ্দেশত উপায়ন্তৰ হৈ ব্ৰজেন কাকতিয়ে মনে মনে বটদ্ৰৱালৈ আহি সভাপতি দেবানন্দ দেৱগোস্বামীৰ হাতত 'বেক ডেট'ত সাধাৰণ সম্পাদকৰ পদৰ পৰা অব্যাহতি বিচাৰি পত্ৰ দাখিল কৰে ৷

অচিৰেই জৰুৰী কাৰ্যনিৰ্বাহক আহ্বান কৰি বিষয়টো আলোচনা কৰাৰ লগতে নতুন সাধাৰণ সম্পাদক বাছনি কৰা হ'ব বুলি পৰিচালনা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্যসকলে জানিবলৈ দিছে ৷ 

বটদ্ৰৱা থান পৰিচালনা সমিতিখনৰ সাধাৰণ সম্পাদকগৰাকীয়ে পদমৰ্যাদা লংঘন কৰি ভিতৰচ'ৰাত এনেদৰে বেমেজালিৰ সৃষ্টি কৰাৰ সময়তে সোমাবাৰে বিয়লি ভাগলৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দ্বিতীয় বৈকুণ্ঠ শ্ৰীশ্ৰী বটদ্ৰৱা থানত উপস্থিত হ'বহি ৷

মৰিগাঁও জিলাৰ লাহৰিঘাটৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মুখ্য মন্ত্ৰীগৰাকী হেলিকপ্টাৰযোগে বটদ্ৰৱালৈ আহিব বুলি জানিব পৰা গৈছে ৷ 
বিজেপি দলে অসমত চৰকাৰ গঠন কৰাৰ পিছত আগন্তুক পঞ্চায়তটো হৈছে তেওঁলোকৰ প্ৰথমটো নিৰ্বাচন ৷

অসমৰ ৰাইজৰ মাজত বিজেপি দল তথা মুখ্য মন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালৰ জনপ্ৰিয়তা বৃদ্ধি হৈছে নে কমিছে সেয়া একপ্ৰকাৰ এই পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে নিৰ্ণয় কৰিব ৷

সেয়ে সোমবাৰে নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি মাৰি সৰ্বানন্দ সোণোৱালৰ সন্মানৰ প্ৰশ্ন হিচাপে চিহ্নিত পঞ্চায়ত নিৰ্বাচনত ভাল ফলাফল কামনাৰে মহাপুৰুষ গুৰুজনাৰ আশীৰ্বাদ বিচাৰিয়েই হঠাৎ সোমবাৰে মুখ্য মন্ত্ৰী সোণোৱালে বটদ্ৰৱা থান দৰ্শন কৰিব বুলি ধাৰণা কৰা হৈছে ৷
 
ইতিমধ্যে নগাঁও জিলা প্ৰশাসনে মুখ্য মন্ত্ৰীগৰাকীৰ বটদ্ৰৱা থান ভ্ৰমণৰ বাবে হেলিপেড নিৰ্মাণৰ লগতে সুৰক্ষা সম্পকীয় যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ নিৰ্বাচনী প্ৰচাৰ অভিযান সামৰণি পৰাৰ পিছত বিয়লি ভাগত মুখ্য মন্ত্ৰীগৰাকী বটদ্ৰৱা থানত উপস্থিত হ'ব বুলি জানিব পৰা গৈছে ৷

Your Comments