নগাঁৱৰ পৰা ৱাহিদুদ জামান
পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাথোঁ দুটা দিন বাকী থকা অৱস্থাত ৰাজ্যখনৰ আন আন ঠাইৰ লগতে নগাঁও জিলাতো নিৰ্বাচনী যুঁজখন অধিক তীব্ৰতৰ হৈ পৰিছে । নগাঁও জিলাৰ অতি গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত পাখিমৰীয়া জিলা পৰিষদত দেওবাৰে বিজেপি, কংগ্ৰেছ আৰু অগপ দলে ব্যাপক প্ৰচাৰ অভিযান চলায় ।
বিজেপি প্ৰাৰ্থী সংগীতা ভূঞাই এই জিলা পৰিষদৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তত কেইবাখনো নিৰ্বাচনী সভা অনুষ্ঠিত কৰি বিজেপিক জয়যুক্ত কৰিবলৈ আহ্বান জনায় । আনহাতে কংগ্ৰেছ প্ৰাৰ্থী দীপিকা শইকীয়াই জিলা পৰিষদ এলেকাত এক বিশাল শোভাযাত্ৰা উলিয়াই নিৰ্বাচনী বতাহ গৰম কৰি তোলে । জিলা পৰিষদ এলেকাটোত কংগ্ৰেছৰ এক ভিত্তিও আছে ।
তদুপৰি, অগপ-বিজেপিৰ সংঘাতৰ সুযোগ ল'ব বিচাৰিছে কংগ্ৰেছে । কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি অগপ-বিজেপিক কঠোৰ সমালোচনা কৰে । ইপিনে অগপ প্ৰাৰ্থী মন্দিৰা কৌৰে সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তোলে ।
কেইবাখনো সভাত অংশগ্ৰহণ কৰি প্ৰাৰ্থীগৰাকীয়ে কংগ্ৰেছ আৰু বিজেপিক কঠোৰ সমালোচনা কৰি ৰাইজক বিকাশৰ স্বাৰ্থত অসম গণ পৰিষদক ভোট দিবলৈ আহ্বান জনায় ।
এনেদৰেই এতিয়া পাখিমৰীয়া জিলা পৰিষদ সমষ্টিত নিৰ্বাচনী যুঁজখন অতি তীব্ৰ হৈ পৰিছে । এই জিলা পৰিষদত কাৰ পক্ষে সোঁত বয়, সেয়া সময়ত নিশ্চিত হ'ব ।
- Log in to post comments
- 24 views