মৰিগাঁও জিলাত পৰীক্ষামূলকভাৱে ৯টা ভোটকেন্দ্ৰত মহিলা কৰ্মীক নিয়োগ

মৰিগাঁও জিলাত পৰীক্ষামূলকভাৱে ৯টা ভোটকেন্দ্ৰত মহিলা কৰ্মীক নিয়োগ

মৰিগাঁৱৰ পৰা জিতুমণি নাথ

অহা ৫ ডিচেম্বৰত অনুষ্ঠিত হ'বলগা প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে মৰিগাঁও জিলা প্ৰশাসনে পৰীক্ষামূলকভাৱে জিলাখনৰ ৯টা ভোটকেন্দ্ৰত মহিলা কৰ্মীক নিয়োগ কৰিছে । নিৰ্বাচনৰ কাম-কাজত নতুনত্ব আনিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে মৰিগাঁও জিলা নিৰ্বাচনী বিষয়া তথা উপায়ুক্ত ঋতুৰাজ বৰাই ।

উপায়ুক্ত বৰাই এক প্ৰেছ বাৰ্তাযোগে ১২গৰাকী প্ৰিজাইডি, ১৮গৰাকী প্ৰথম প'লিং, ২০গৰাকী দ্বিতীয় প'লিং, ১৯গৰাকী তৃতীয় প'লিং, ২৩গৰাকী চতুৰ্থ প'লিং বিষয়াৰে মুঠ ৯২গৰাকী মহিলা কৰ্মচাৰীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে বুলি জনায় ।

এইসকল মহিলা কৰ্মচাৰীক নিয়োগ কৰিবলগা ভোটকেন্দ্ৰসমূহ হৈছে জাগীৰোড মহাবিদ্যালয়ৰ ৬১ (ক) বাঁও, সোঁ, ৬৩ (ক) মধ্য, বাঁও, সোঁ, ৬৪ (ক), (খ) মধ্য, ৪৭ জালুগুটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পূব খণ্ড, ৪৮ৰ পশ্চিম খণ্ড আৰু ৪৩ মিকিৰভেটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ । এই ভোট গ্ৰহণ কেন্দ্ৰসমূহত সুৰক্ষাৰ বাবে নিয়োজিত আৰক্ষী বিষয়া-কৰ্মচাৰী সকলো মহিলা বুলি প্ৰকাশ কৰে ।

ইফালে ভোট গ্ৰহণ আৰু ভোটগণনাৰ সময়ত ৰাজনৈতিক দলসমূহে মানি চলিবলগীয়া নিৰ্বাচনী আচৰণ বিধিসমূহৰ ওপৰতো আজি ৰাজনৈতিক দলসমূহৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ সভা জিলা উপায়ুক্ত সভাকক্ষত অনুষ্ঠিত হৈ যায় ।

জিলা উপায়ুক্ত ঋতুৰাজ বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত উপায়ুক্ত বৰাই সকলো ৰাজনৈতিক দলকে নিৰ্বাচনৰ আচৰণ বিধিসমূহ মানি নিৰ্বাচন প্ৰক্ৰিয়াটো যাতে শান্তিপূৰ্ণভাৱে সমাপ্তি ঘটে, এই সকলোকে সহায়-সহযোগিতা কৰিবলৈ আাহ্বান জনায় ।

সভাত অতিৰিক্ত উপায়ুক্ত লক্ষীনন্দন চহৰীয়া, অৰূপ পাঠক, ডাঃ এছ টি ৰহমান, জিলা উন্নয়ন আয়ুক্ত দীপা দাস, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কিশোৰ ঠাকুৰীয়া, নিৰ্বাচনী বিষয়া কল্যাণী কংকনা দাস, চক্ৰ বিষয়া সংঘমিত্ৰা ভাগৱতী, পলাশজ্যোতি আহোমকে আদি কৰি বিষয়াসকলে অংশগ্ৰহণ কৰে ।

Your Comments