বঢ়মপুৰৰ নিৰ্বাচনী সভাত বিজেপিক তুলাধুনা প্ৰফুল্ল কুমাৰ মহন্তৰ

বঢ়মপুৰৰ নিৰ্বাচনী সভাত বিজেপিক তুলাধুনা প্ৰফুল্ল কুমাৰ মহন্তৰ

নগাঁৱৰ পৰা ৱাহিদুদ জামান

"কংগ্ৰেছৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰ বন্ধ কৰাৰ বাবেই অগপ‌ই বিজেপিৰ সৈতে মিত্ৰতা কৰিছিল । কিন্তু বিজেপিয়ে বিগত বিধানসভা নিৰ্বাচনৰ সময়ত দিয়া সকলো প্ৰতিশ্ৰুতি ভংগ কৰিছে।" এই মন্তব্য প্ৰাক্তন মুখ্য মন্ত্ৰী তথা বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তৰ ।

আজি বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত বেঙেনাআটি গাঁও পঞ্চায়তৰ বেঙেনাআটি খেলপথাৰত অনুষ্ঠিত অগপ দলৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ প্ৰাক্তন মুখ্য মন্ত্ৰী মহন্তই এইদৰে মন্তব্য কৰে ৷ তেওঁ লগতে কয়, "বিজেপিয়ে বাংলাদেশী খেদাৰ পৰিৱৰ্তে হিন্দু বাংলাদেশীক অসমত সংস্থাপিত কৰিব বিচাৰিছে ।

তেওঁলোকে দিয়া প্ৰতিশ্ৰুতি ভংগ কৰি অসম চুক্তিক নস্যাৎ কৰিব বিচাৰিছে । নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে অসমত হিন্দু বাংলাদেশী আনিলে অসমৰ ভাষা, সংস্কৃতি আদি সকলো বিপন্ন হৈ পৰিব ।"

মহন্তই ইয়াতে ক্ষান্ত নাথাকি উপৰ্যুপৰি বিজেপিক চোকা সমালোচনা কৰি কয়, "বিজেপিয়ে অসমৰ এক ইঞ্চি মাটিও বাংলাদেশক দিয়া নহ'ব বুলি নিৰ্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুতি ভংগ কৰি অসমৰ মাটি ইতিমধ্যে বাংলাদেশক চমজাই দিলে ।

১৬ নৱেম্বৰৰ পিছত বাংলাদেশীয়ে টালি-টোপোলা বান্ধিব লাগিব বুলি কোৱা কথাষাৰো নিৰ্বাচনী প্ৰতিশ্ৰুতি হৈ থাকিল । এইখন চৰকাৰেই মহিলাসকলৰ বাবে অতিকৈ প্ৰয়োজনীয় চিলিণ্ডাৰৰ অত্যধিক মুল্যবৃদ্ধি কৰিলে ।"

বিজেপি দলৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্যৰ প্ৰতিগৰাকী লোকৰ একাউণ্টত ১৫ লাখকৈ টকা সোমাল জানো বুলিও মহন্তই কটাক্ষ কৰে । প্ৰধান মন্ত্ৰী মোডীৰ প্ৰতিবছৰে দেশৰ এক কোটি নিবনুৱাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি এতিয়া সম্পূৰ্ণ অসাৰ বুলি তীৰ্যক মন্তব্য কৰি মহন্তই কয়- কেন্দ্ৰীয় মন্ত্ৰীসভাত প্ৰতিনিধিত্ব কৰা অসমৰ একমাত্ৰ সাংসদ তথা কেন্দ্ৰীয় ৰে'ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁয়ে অসমৰ এজনো ল'ৰা-ছোৱালীক চাকৰি দিব নোৱাৰিলে ।

এই ক্ষেত্ৰত বিভিন্নজনৰ প্ৰশ্নৰ সন্মুখীন হোৱা মন্ত্ৰী গোহাঁয়ে কৈছিল যে অসমৰ ল'ৰা-ছোৱালীৰ যোগ্যতা নথকাৰ বাবেই অসমৰ এজনো নিৱনুৱাই নিযুক্তি লাভ কৰিবলৈ সক্ষম নহ'ল । গোঁহাইৰ সেই মন্তব্য অত্যন্ত অপমানজনক বুলি বিবেচিত হৈছে ।

আচলতে অসমৰ ল'ৰা-ছোৱালীৰ যোগ্যতা নথকা বুলি কোৱা মন্ত্ৰীজনৰ নিজৰে যোগ্যতা নাই বুলিও মহন্তই কটাক্ষ কৰে । অসমৰ ল'ৰা-ছোৱালীৰ যোগ্যতাৰ অভাৱ নাই বুলি মন্তব্য কৰি মহন্তই লগতে কয়, "অসমৰ ল'ৰা-ছোৱালী বিজ্ঞান-প্ৰযুক্তিৰ দিশত বহু আগবঢ়া । যাৰবাবে বহু ছাত্ৰ-ছাত্ৰী নিজৰ যোগ্যতাৰ বলত ইতিপূৰ্বে নাছালৈ যাবলৈ সক্ষম হৈছে ।"

অসমৰ সামগ্ৰিক উন্নয়নত দিল্লীৰ নেতাসকলৰ কোনো সদিচ্ছা নাই বুলি মন্তব্য কৰি মহন্তই কয় যে তেওঁলোকে অসমত আহি ডাঙৰ ডাঙৰ কথাৰে ৰাইজক প্ৰলোভিত কৰে । কিন্তু হেলিকপ্টাৰেৰে অহা নেতাবিলাকে অসম এৰি যোৱাৰ পিছতেই সকলো পাহৰে ।

অগপ দলৰ স্থানীয় সভাপতি পদৰ প্ৰাৰ্থী ঋতুৰাজ বৰাই আঁতধৰা সভাখনত প্ৰাক্তন বিধায়ক মজিবুৰ ৰহমান, দলটোৰ জেষ্ঠ নেতা দেৱাজ আকবৰ আদিয়ে ভাষণ আগবঢ়াই জাতীয় স্বাৰ্থত অগপ দলৰ সকলো প্ৰাৰ্থীক জয়যুক্ত দিবলৈ আহ্বান জনায় ।

Your Comments