নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা
অহা ৫ ডিচেম্বৰত হ'বলগা পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাজত মাথোঁ দু্টা দিন । নিৰ্বাচনী বতাহ তুংগত বৈ থকাৰ সময়তে বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত চাবুকধৰা গাঁও পঞ্চায়তত সভাপতি পদৰ যুঁজখন ক্ৰমাৎ আকৰ্ষণীয় পৰ্যায়লৈ গতি কৰিছে ।
গাঁও পঞ্চায়তটোৰ সভাপতি আসনখনৰ বাবে বিজেপিৰ সুৰেন্দ্ৰ বৰদলৈ, অগপৰ দীপক দেউৰী, কংগ্ৰেছৰ পৰমানন্দ বৰদলৈ আৰু জাতীয় ঐক্যমঞ্চৰ সন্তৰাম পাটৰে প্ৰতিদ্বন্দ্বিতাত নামিছে ।
যোৱা ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত পঞ্চায়তটোত বৃহৎসংখ্যক ভোট লাভ কৰা বিজেপি দলৰ স্থিতি বৰ্তমানেও অটুট থকাৰ হেতু কংগ্ৰেছ, অগপ আৰু জাতীয় ঐক্যমঞ্চৰ প্ৰাৰ্থী কেইগৰাকীৰ প্ৰচাৰে বিশেষ গতি লাভ কৰা নাই ।
ইপিনে, অৱসৰপ্ৰাপ্ত শিক্ষক, ব্যক্তিত্বসম্পন্ন, সামাজিকভাৱে সক্ৰিয় সুৰেন্দ্ৰ বৰদলৈয়ে ভোটাৰক বিশেষভাৱে আকৰ্ষিত কৰা পৰিলক্ষিত হৈছে । আনহাতে, পূৰ্বৰ পঞ্চায়তখন কংগ্ৰেছৰ দখলত থকালৈ লক্ষ্য কৰিলে মূলযুঁজখন কংগ্ৰেছৰ লগতেই চলাৰ সম্ভাৱনা আছে ।
অগপ আৰু জাতীয় ঐক্যমঞ্চৰ সভাপতি পদৰ প্ৰাৰ্থী দুগৰাকীয়েও নিজৰ নিজৰ সমৰ্থনত প্ৰচাৰ অভিযান চলাই আছে । ইফালে, আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ যুঁজখনো মূলত: বিজেপি আৰু কংগ্ৰেছৰ মাজতেই হ'ব ।
আঞ্চলিক পঞ্চায়ত সদস্য পদত বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থী, সৰবৰহী মহিলা বণিতা বৰদলৈয়ে নিজৰ স্থিতি সবল কৰি তোলা পৰিলক্ষিত হৈছে । আনহাতে, আঞ্চলিক পঞ্চায়ত পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা কংগ্ৰেছৰ পাপৰি বৰদলৈ, অগপৰ পলী চৌধুৰী বৰদলৈ আৰু জাতীয় ঐক্যমঞ্চৰ বিলকিচ বেগমে নিজৰ নিজৰ সমৰ্থনত প্ৰচাৰকাৰ্য চলাই আছে ।
- Log in to post comments
- 5 views