গোলাঘাটত বক্সিং খেলুৱৈ অমিষা কুমাৰী ভাৰতীক বিপুল সম্বৰ্ধনা

গোলাঘাটত বক্সিং খেলুৱৈ অমিষা কুমাৰী ভাৰতীক বিপুল সম্বৰ্ধনা

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন

আজি সন্ধ্যা ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ ক্ৰীড়া আৱস গোলাঘাটত, বিভিন্ন বিশিষ্ট ব্যক্তি তথা ছাইৰ প্ৰশিক্ষাৰ্থীসকলৰ উপস্থিতিত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত গুৱাহাটীৰ ছাইত যোৱা ২৬-৩০ তাৰিখে অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় বিদ্যালয় বক্সিং প্ৰতিযোগিতাত অংশ লৈ সোণৰ পদক লাভ কৰা অমিষা কুমাৰী ভাৰতীক বিপুল সম্বৰ্ধনা জনায় ।

গোলাঘাটত বক্সিং খেলুৱৈ অমিষা কুমাৰী ভাৰতীক বিপুল সম্বৰ্ধনা

অনূৰ্ধ্ব ১৭ শাখাৰ ৪৮-৫০ কেজিত সোণৰ পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা গোলাঘাট ছাইত অৱস্থিত এমেচাৰ বক্সিং এছ'চিয়েচনত প্ৰশিক্ষণৰত অমিষাক জিলা এমেচাৰ বক্সিং এছ'চিয়েচনৰ হৈ সাধাৰণ সম্পাদক আনজাৰ হুছেইন, সভাপতি মৃদুল বৰা, যুটীয়া সম্পাদক বিৰেণ গগৈয়ে অসমৰ মানস্বৰূপ গামোচা, জাপিৰে উষ্ম আদৰণি জনাই সম্বৰ্ধনা জ্ঞাপন কৰে ।

লগতে গোলাঘাট ছাইৰ ভাৰপ্ৰাপ্ত বিষয়া এল বীজেন্দ্ৰ সিং, গোলাঘাটৰ প্ৰথমগৰাকী মহিলা বক্সিং খেলুৱৈ জয়াজ্যোতি বৰুৱা আৰু জিলাখনৰ বিভিন্ন ক্ৰীড়া সংগঠনেও খেলুৱৈগৰাকীক সম্বৰ্ধনা জনায় । ইতিমধ্যে অমিষাই পোলেণ্ডত যোৱা ৯ ছেপ্টেম্বৰৰ পৰা ১৫ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হোৱা আন্তজাৰ্তিক চেলিচ'ন কাপ প্ৰতিযোগিতাতো অংশ লৈ ৰূপৰ পদক পাবলৈ সক্ষম হৈছিল ।

গোলাঘাটত বক্সিং খেলুৱৈ অমিষা কুমাৰী ভাৰতীক বিপুল সম্বৰ্ধনা

উল্লেখ্য যে অমিষাই সদ্যসমাপ্ত ৰাষ্ট্ৰীয় বিদ্যালয় বক্সিং প্ৰতিযোগিতাত শ্ৰেষ্ঠ প্ৰতিযোগীৰ খিতাপো অৰ্জন কৰে । এই প্ৰতিযোগিতাৰ পৰাই অমিষাই ১২ ডিচেম্বৰৰ পৰা পঞ্জাবৰ মোহালিত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে ।

Your Comments