মাজুলীৰ পৰা ৰাজীৱ পাতিৰ
কেন্দ্ৰ-ৰাজ্যত বিজেপি চৰকাৰে ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছত পঞ্চায়তীৰাজ ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ স্বাৰ্থত প্ৰথমবাৰৰ বাবে বিজেপি-গণশক্তি মিত্ৰজোঁট দলক ক্ষমতাত ৰাখিবলৈ ভোটাৰ ৰাইজক আহ্বান জনায় মাজুলীৰ স্থানীয় বিধায়ক তথা ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
উল্লেখ্য যে অহা ৫ ডিচেম্বৰত অনুষ্ঠিত হ'বলগা প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে শাসকীয় বিজেপি-গণশক্তি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ আজি উজনি মাজুলী ৰতনপুৰ মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মুখ্য মন্ত্ৰীগৰাকীয়ে ভোটাৰ ৰাইজক এই আহ্বান জনায় ।
বিশেষ হেলিকেপ্টাৰেৰে আহি দিনৰ ১২ বজাত বিদ্যালয়ৰ খেলপথাৰত অৱতৰণ কৰাৰ পিছত উক্ত নিৰ্বাচনী সভাত বিৰোধী দল কংগ্ৰেছ দলক তীব্র সমালোচনা কৰি মুখ্য মন্ত্ৰী সোণোৱালে কয়- অসমৰ তিনি লাখ বাইছ হেজাৰ দুখীয়া দৰিদ্ৰ লোকক আই এ ৱাই ঘৰ আঁচনিৰ পৰা বঞ্চিত কৰি এই ধন কংগ্ৰেছে আত্মসাৎ কৰিলে বুলি গুৰুতৰ অভিযোগ উথাপন কৰে ।
কিন্তু বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে যোৱা আঢ়ৈ বছৰীয়া কাৰ্যকালত এই দুখীয়া ৩ লাখ ২২ হেজাৰটা পৰিয়ালক পি এম এ ৱাই ঘৰ দিয়া হৈছে । ইয়াত কোনো হিতাধিকাৰীয়ে এটকাও ধন দিবলগা হোৱা নাই ।
তদুপৰি, কংগ্ৰেছৰ দিনত বিভিন্ন আঁচনিৰ বিয়াগোম দুৰ্নীতি, কাজিৰঙাত অবাধ গতিত গঁড় হত্যা হৈছিল, অপৰাধীক কোনো শাস্তি দিয়াৰ ব্যৱস্থা নাছিল যদিও বিজেপি দলে নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতিমতে ক্ষমতাত আহি এই দুৰ্নীতি শক্তিশালীভাৱে ৰোধ কৰিবলৈ সক্ষম হোৱাৰ লগতে ধৰ্ষণত জড়িত অপৰাধীক ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে শাস্তি দিয়া, গঁড় হত্যা ৰোধ হৈছে ।
ইয়াৰ লগে লগে সামাজিক সুৰক্ষা সুনিশ্চিত ৰাজ্যখনত । মুখ্য মন্ত্ৰী সোণোৱালে উদাত্ত ভাষণেৰে পুনৰ কয়- যোৱা সত্তৰটা বছৰে মাজুলীত নোহোৱা কাম বৰ্তমান চৰকাৰে যোৱা আঢ়ৈটা বছৰত ১২শ কোটি টকা প্ৰকল্পৰ কাম চলি আছে আৰু অনাগত দিনতো এই পুঁজি আবণ্টন হ'ব ।
স্বচ্ছ আৰু নিকাৰে কাম কৰা আত্মসহায়ক গোটলৈ কনকলতা সবলীকৰণ আঁচনিৰ জৰিয়তে ৫ লাখ পৰ্যন্ত পুঁজি আবণ্টন দিয়াৰ কথা প্ৰকাশ কৰাৰ লগতে কংগ্ৰেছে বঞ্চিত কৰি ৰখা ষাঠি বছৰ ঊৰ্ধ্বৰ লোকে অহা জানুৱাৰীৰ পৰা বৃদ্ধ পেন্সন লাভ কৰিব আৰু শীঘ্ৰে ভূমি পট্টা দিয়া হ'ব । বৰ্তমান ইয়াৰ বাবে জৰীপ কাৰ্য চলি আছে ।
ৰাজকোষৰ ধন সঠিকভাৱে ব্যৱহাৰ কৰি ৰাজ্যখনৰ উন্নয়ন ত্বৰান্বিত কৰাৰ বাবেই বিজেপি নেতৃত্বাধীন চৰকাৰখনে তিনিটাকৈ বঁটা পাবলৈ সক্ষম হৈছে, যিটো কংগ্ৰেছৰ দিনত হোৱা নাছিল । ইপিনে আসন্ন পঞ্চায়ত নিৰ্বাচনক লৈ কংগ্ৰেছ আৰু অগপ দলৰ মাজত গোপন মিতিৰালি হোৱা বুলি গুৰুতৰ অভিযোগ কৰি বিজেপি-গণশক্তিক আসন্ন পঞ্চায়ত নিৰ্বাচনত সকলোৱে সহায় কৰিবলৈ আহ্বান জনায় মুখ্য মন্ত্ৰী সোণোৱালে ।
বিজেপি মাজুলী জিলাৰ সম্পাদক নিতুল নাথে আঁতধৰা সভাত ধেমাজিৰ বিধায়ক ডঃ ৰণোজ পেগু, বিজেপি ৰাজ্যিক কমিটিৰ সাধাৰণ সম্পাদক পুলক গোহাঁই আদিয়ে বক্তব্য ৰাখি বিজেপি-গণশক্তি মিত্ৰজোঁটৰ পক্ষত পদুম ফুল আৰু বাল্টিঙৰ চিনত ভোটাদান কৰিবলৈ আহ্বান জনায় ।
যুৱ আৰু ক্ৰীড়া বিভাগৰ সচিব লক্ষ্য কোঁৱৰ, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰী, মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নীলকান্ত দলে, মনোজ বৰা, প্ৰেমধৰ দলে, জয়ন্ত ভাগৱতী, দীন পেগু, মঞ্জু পেগু ৰয়, উজনি মাজুলী জিলা পৰিষদ সদস্য দেৱজিৎ পাতিৰ আদি এই নিৰ্বাচনী সভাত উপস্থিত থাকে ।
ইপিনে বিজেপি নেতা বুলি নিজকে জাহিৰ কৰি ফুৰা ফিৰোজ পেগুৱে নিশা আন্ধাৰৰ সুযোগ লৈ নিৰ্দলীয় প্ৰাৰ্থী বিনিতা পেগুৰ ঘৰে ঘৰে প্ৰচাৰ চলোৱাৰ অভিযোগত আজি মঞ্চৰ ওপৰৰ পৰা নমাই অনাৰ পিছত খেলপথাৰৰ ভিতৰৰ পৰা বাহিৰ কৰি দিয়ে গণশক্তি দলৰ নেতা-কৰ্মীসকলে ।
সেইলৈ দুয়োপক্ষৰ মাজত তৰ্কাতৰ্কি হয় সভাস্হলীত । বিজেপি হ'বনে নিৰ্দলীয় হ'ব সেয়া স্পষ্ট কৰিবলৈ গণশক্তিৰ কৰ্মীসকলে ফিৰোজ পেগুক সকীয়াই দিয়ে ।
- Log in to post comments
- 10 views