ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ
দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব হোজাই জিলাত পঞ্চায়ত নিৰ্বাচন ৷ পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাথোঁ এটা সপ্তাহ সময় বাকী থকা অৱস্থাত জিলাখনত প্ৰতিটো দলে ৰাজনৈতিক প্ৰচাৰ অভিযান অব্যাহত ৰখাৰ সময়ত নিৰ্বাচনী আচৰণ বিধি যাতে কোনো প্ৰাৰ্থীয়ে ভংগ কৰিব নোৱাৰে তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিছে হোজাই জিলা আৰক্ষী প্ৰশাসনে ৷
লগতে নিৰ্বাচনৰ সময়ত যাতে কোনো ধৰণৰ কূটাঘাতমূলক কাৰ্য সংঘটিত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী ব্যৱস্থা সষ্টম কৰি তোলা হৈছে ৷ আজি হোজাই জিলা উপ-আৰক্ষী অধীক্ষক জ্যোতিৰঞ্জন নাথ আৰু ডবকা আৰক্ষী চক্ৰ পৰিদৰ্শক জিয়াউৰ ৰহমানৰ নেতৃত্বত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ এটি বৃহৎ দলে ৩৬নং ডবকা-ডিফু ৰাষ্ট্ৰীয় ঘাইপথত তালাচী অভিযান চলায় ৷
এই অভিযানৰ সময়ত আৰক্ষীয়ে কাৰ্বি আংলঙৰ দিশৰ পৰা আহি থকা সৰু-বৰ বাহনত তন্নতন্নকৈ তালাচী চলায় ৷ ডবকা আৰক্ষী চক্ৰ পৰিদৰ্শকগৰাকীয়ে জানিবলৈ দিয়া মতে, নিৰ্বাচনৰ সময়ত যাতে কোনো ধৰণৰ আচৰণ বিধি উলংঘা নহয় আৰু উগ্ৰপন্থী বা দুষ্কৃতিকাৰীয়ে কোনো ধৰণৰ কূটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই তালাচী অভিযান চলোৱা হৈছে ৷
আৰক্ষীৰ এই ভূমিকাক সাধাৰণ ভোটাৰৰ লগতে ডবকাৰ স্থানীয় ৰাইজে প্ৰশংসা কৰিছে ৷
- Log in to post comments
- 10 views