নগাঁৱৰ হাতীচোঙত অগপৰ বেনাৰ-পোষ্টাৰ ফালিলে দুৰ্বৃত্তই

নগাঁৱৰ হাতীচোঙত অগপৰ বেনাৰ-পোষ্টাৰ ফালিলে দুৰ্বৃত্তই

নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা

প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ তিনি দিন বাকী থকা অৱস্থাত শনিবাৰে নিশা নগাঁও জিলাৰ বটদ্রৱা বিধানসভা  সমষ্টিৰ অন্তৰ্গত হাতীচোং গাঁও পঞ্চায়তৰ অগপৰ সভাপতি পদৰ প্ৰাৰ্থী ক্ষীতেশ্বৰ বৰা, আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী মাধৱ বৰদলৈ আৰু হাতীচোং জিলা পৰিষদৰ প্ৰাৰ্থী অৱন্তী দেৱীৰ বেনাৰ-পোষ্টাৰ কোনো দুৰ্বৃত্তই ফালি পেলোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

প্ৰাপ্ত বাতৰি মতে, পঞ্চায়তখনৰ অন্তৰ্গত বৰডুবিয়া, দীঘলীপাৰ, গেদাৰবড়ি, সোণাইপাৰ আদিত আঁৰি থোৱা অগপ দলৰ প্ৰাৰ্থী তিনিগৰাকীৰ বেনাৰ-পোষ্টাৰ শনিবাৰে নিশা দুৰ্বৃত্তই ফালি জ্বলাই দিয়ে ।

ইফালে অগপ প্ৰাৰ্থীৰ উত্থানত শংকিত হৈ বিজেপিৰ একাংশ উগ্ৰ সমৰ্থকে  এই কাণ্ড সংঘটিত কৰিছে বুলি অভিযোগ কৰিছে একাংশ অগপ কৰ্মীয়ে । উল্লেখ্য যে কিছুদিন পূৰ্বে জিলা পৰিষদৰ প্ৰাৰ্থী অৱন্তী দেৱীৰ জামুগুৰিত থকা এক নিৰ্বাচনী কাৰ্যালয়ত দুৰ্বৃত্তই নিশা তাণ্ডৱ চলাই চকী-মেজ ভাঙি লণ্ডভণ্ড কৰিছিল ।

Your Comments