দুৰ্নীতিমুক্ত পঞ্চায়ত গঠনৰ প্ৰতিশ্ৰুতি দিয়া সৰ্বানন্দ সোণোৱালে প্ৰচাৰ চলালে দুৰ্নীতিত নিমজ্জিত প্ৰাৰ্থীৰ হৈ !

দুৰ্নীতিমুক্ত পঞ্চায়ত গঠনৰ প্ৰতিশ্ৰুতি দিয়া সৰ্বানন্দ সোণোৱালে প্ৰচাৰ চলালে দুৰ্নীতিত নিমজ্জিত প্ৰাৰ্থীৰ হৈ !

মৰিগাঁৱৰ পৰা জিতুমণি নাথ

দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰমুক্ত পঞ্চায়ত ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে শুকুৰবাৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মৰিগাঁৱৰ ভুৰবন্ধালৈ আহি ভোট বিচৰাৰ সময়তে পোহৰলৈ আহিছে এটা বিস্ফোৰক তথ্য ।

ভুৰবন্ধা জিলা পৰিষদৰ বিজেপি আৰু মিত্ৰজোঁট জাতীয় ঐক্য মঞ্চৰ যিগৰাকী প্ৰাৰ্থীৰ হৈ মুখ্য মন্ত্ৰী সোণোৱালে দুৰ্নীতিমুক্ত পঞ্চায়ত শাসনৰ প্ৰতিশ্ৰুতিৰে ভোট বিচৰিলে, সেইগৰাকী প্ৰাৰ্থীৰ মনোনয়ন-পত্ৰ দাখিলৰ শপতনামাত উল্লেখ আছে ৰাজহুৱা ধন আত্মসাৎ কৰা গোচৰৰ বিষয়ে ।

ভাৰতীয় দণ্ডবিধি ৪২০/৪০৬/১২৬/৩৪ ধাৰাৰ অধীনত ৰুজু হৈ থকা ৩৭৮/১৮ নং গোচৰটোত অভিযুক্ত হৈছে ভুৰবন্ধা জিলা পৰিষদৰ জাতীয় ঐক্য মঞ্চৰ প্ৰাৰ্থী অজিত ডেকা ।

মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ অতিকৈ বিশ্বস্ত তথা জিলা পৰিষদৰ প্ৰাৰ্থী অজিত ডেকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত মুখ্য মন্ত্ৰী সোণোৱালে দুৰ্নীতি প্ৰসংগেৰে ক্ষুৰধাৰ সমালোচনা কৰিছিল কংগ্ৰেছ দলক ।

এক আচহুৱা যেন লগা বিষয়টো সন্দৰ্ভত মুখ্য মন্ত্ৰীক উভতি ধৰিছে মৰিগাঁও জিলা কংগ্ৰেছে । মৰিগাঁও জিলা কংগ্ৰেছেৰ নেতা শশীমোহন বিশ্বাসে কয়, দুৰ্নীতিৰ গোচৰত অভিযুক্ত প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি দুৰ্নীতিৰ প্ৰসংগত কংগ্ৰেছক সমালোচনা কৰা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজৰ দুমুখীয়া নীতিৰ প্ৰতিফলন ঘটালে বুলি কটাক্ষ কৰে ।

নিজ দলৰ নেতা-কৰ্মীৰ কাম-কাজৰ খতিয়ান লৈ মুখ্য মন্ত্ৰীয়ে অভিযুক্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা হ'লে ৰাইজৰ হাঁহিয়াতৰ পাত্ৰ নহ'লহেঁতেন বুলিও তেওঁ মন্তব্য প্ৰকাশ কৰে ।

ইফালে জাতীয় ঐক্য মঞ্চৰ প্ৰাৰ্থী অজিত ডেকা ৰাজহুৱা ধন আত্মসাৎ গোচৰত অভিযুক্ত হৈ থকা বাতৰি ৰাইজৰ মাজত বিয়পি পৰাত বিৰোধী দলসমূহৰ তীব্ৰ আক্ৰমণৰ লক্ষ্য হৈ পৰা বুলি জানিব পৰা গৈছে জাতীয় ঐক্য মঞ্চৰ প্ৰাৰ্থীজন ।

Your Comments