পাঘালী আৰু আইভেটি পঞ্চায়তত অগপৰ নিৰ্বাচনী তৎপৰতা

পাঘালী আৰু আইভেটি পঞ্চায়তত অগপৰ নিৰ্বাচনী তৎপৰতা

নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা ৷ তদ্ৰুপ ছবি পৰিলক্ষিত হৈছে বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত পাঘালী আৰু আইভেটি পঞ্চায়তত ৷

নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু বিগত কালত কংগ্ৰেছৰ দখলত থকা পঞ্চায়ত দুখনৰ দুৰ্নীতি আৰু স্বজন-তোষণকে মূল নিৰ্বাচনী ইছ্যুৰূপে লৈ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে  দুয়োখন পঞ্চায়তৰে আঞ্চলিকতাবাদী শিবিৰৰ কৰ্মীসকল ৷

পাঘালী আৰু আইভেটি পঞ্চায়তত অগপৰ নিৰ্বাচনী তৎপৰতা

চাবুকধৰা জিলা পৰিষদৰ অন্তৰ্গত প্ৰায় ১৪ হাজাৰ ভোটাৰ সন্নিৱিষ্ট পাঘালী পঞ্চায়তত সভাপতি আৰু আঞ্চলিক সদস্যৰ বাবে অগপ দলে প্ৰক্ষেপ কৰিছে ক্ৰমে দলৰ জ্যেষ্ঠ নেতা ফটিক বৰা আৰু নুৰেল হাফিজক ৷

সমান্তৰালকৈ পঞ্চায়তটোৰ দহোটা ৱাৰ্ডতেই প্ৰক্ষেপ কৰিছে একোজনকৈ শক্তিশালী প্ৰতিদ্বন্দ্বী ৷ ভিন্ন জনবিন্যাসপূৰ্ণ পঞ্চায়তটোত বিপক্ষক প্ৰতিহত কৰিবলৈ অগপ দলে গ্ৰহণ কৰিছে বিশেষ ৰণকৌশল ৷ 

আনহাতেদি, বটদ্ৰৱা সমষ্টিৰ আঞ্চলিকতাবাদী শিৱিৰৰ অন্যতম দুৰ্গৰূপে পৰিচিত, প্ৰায় ৪ হাজাৰ ভোটাৰযুক্ত আইভেটি পঞ্চায়তত অগপ দলে সভাপতি পদৰ বাবে প্ৰক্ষেপ কৰিছে সদৌ নগাঁও ছাত্ৰ সন্থাৰ একালৰ নেতা তথা জিলাখনৰ ছাত্ৰ আন্দোলনক বলিষ্ঠ নেতৃত্ব প্ৰদান কৰা জগত শইকীয়াক ৷

বিজেপি দলৰ সভাপতি পদৰ প্ৰাৰ্থী দেহীৰাম বৰা আৰু কংগ্ৰেছৰ প্ৰাৰ্থী তথা সদ্য প্ৰাক্তন আঞ্চলিক পঞ্চায়তৰ সদস্য মিত্ৰদেৱ মহন্তৰ তুলনাত অগপৰ প্ৰাৰ্থীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ ব্যাপক ৰূপত গঢ়ি তুলিছে যদিও পথ সুগম বুলিব নোৱাৰি ৷

অৱশ্যে কংগ্ৰেছৰ মিত্ৰদেৱ মহন্ত বিগত পঞ্চায়তত আঞ্চলিক পঞ্চায়তৰ সদস্যৰূপে থকা কালত দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ ৰাজহুৱা অভিযোগ থকা হেতু মূল যুঁজখন বিজেপি আৰু অগপ দলৰ মাজত হোৱাৰ সম্ভাৱনাই অধিক ৷

সেইদৰে আঞ্চলিক পঞ্চায়তৰ সদস্য পদত অগপৰ ৰাণী বৰা আৰু কংগ্ৰেছৰ নিৰলা হাজৰিকাৰ মাজত দুইকোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনাই অধিক ৷

Your Comments