ক্ৰিকেটৰ খবৰ

ক্ৰিকেটৰ খবৰ

আই চি চি মহিলা বিশ্বকাপ টি-২০

ৱেষ্ট ইণ্ডিজত চলি আছে আই চি চি মহিলা বিশ্বকাপ টি-২০ ৷ ভাৰতীয় মহিলা দলটোৱে গ্ৰুপ মেচত শুকুৰবাৰে আয়াৰলেণ্ডক ৫২ ৰাণৰ ব্যৱধানত পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ৷

ক্ৰিকেটৰ খবৰ

মিতালী ৰাজৰ দমনীয় অৰ্ধশতকেৰে ভাৰতে পোনতে বেটিং কৰি ছটা উইকেট হেৰুৱাই ১৪৫ ৰাণ সংগ্ৰহ কৰে ৷ স্মৃতি মান্ধানাই ৩৩ ৰাণৰ বৰঙণি আগবঢ়ায় ৷

আয়াৰলেণ্ডে নিৰ্ধাৰিত অ'ভাৰত ৮টা উইকেট হেৰুৱাই ৯৩ ৰাণ সংগ্ৰহ কৰে ৷ ভাৰতে ৫২ ৰাণত আয়াৰলেণ্ডক হৰুৱায় ৷ ভাৰতে এতিয়া গ্ৰুপ 'বি'ত শীৰ্ষস্থান দখল কৰাৰ বাবে সন্মুখীন হ'ব অষ্ট্ৰেলিয়াৰ ৷

ভাৰতীয় ক্ৰিকেটলৈ নতুন যুৱ তাৰকা

ঘৰুৱা ক্ৰিকেটত উজলিছে এগৰাকী যুৱ ক্ৰিকেটাৰ ৷ মুম্বাইৰ বেটছমেন আৰমান জাফৰ ৷ চি কে নাইডু ট্ৰফী ক্ৰিকেটত এগৰাকী সুদক্ষ বেটছমেন হিচাপে প্ৰমাণ কৰিবলৈ সক্ষম হ'ল আৰমান ৷

ক্ৰিকেটৰ খবৰ

সৌৰাষ্ট্ৰৰ বিপক্ষে আৰমানে অপৰাজিত ৩০০ ৰাণৰ ইনিংছ খেলি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ ৩৬৭টা বলত আৰমানে ত্ৰিশতকীয় ইনিংছ খেলে ২৬টা বাউণ্ডেৰী আৰু ১০টা অ'ভাৰ বাউণ্ডেৰীৰে তেওঁ ইনিংছটো সজায় ৷

ক্ৰিকেটৰ খবৰ

আৰমানে আই পি এলত কিংছ ইলেভেন পঞ্জাবৰ হৈ খেলিছিল ৷

অষ্ট্ৰেলিয়া অভিমুখে টীম ইণ্ডিয়া

শুকুৰবাৰে অষ্ট্ৰেলিয়া অভিমুখে ৰাওনা হৈছে বিৰাট কোহলী নেতৃত্বাধীন টীম ইণ্ডিয়া ৷ ভ্ৰমণকালত অষ্ট্ৰেলিয়াৰ বিপক্ষে টীম ইণ্ডিয়াই তিনিখন টি-২০, চাৰিখন টেষ্ট আৰু তিনিখন এদিনীয়া মেচত অংশগ্ৰহণ কৰিব ৷

ক্ৰিকেটৰ খবৰ

২১ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব শৃংখলা ৷ বৰ্তমান সুন্দৰ প্ৰদৰ্শন কৰি থকা টীম ইণ্ডিয়াই অষ্ট্ৰেলিয়া ভ্ৰমণতো এই প্ৰদৰ্শনৰ ধাৰা অব্যাহত ৰাখিব বুলি ক্ৰিকেটপ্ৰেমীসকলে আশা কৰিছে ৷

ভাৰতীয় দলটো হ'ল- বিৰাট কোহলী (অধিনায়ক), ৰোহিত শৰ্মা, শিখৰ ধাৱন, কে এল ৰাহুল, শ্ৰেয়াছ আয়াৰ, মনীষ পাণ্ডে, দীনেশ কাৰ্তিক, ঋষভ পণ্ট, কুলদীপ যাদৱ, যুযুবেন্দ্ৰ চাহাল, ৱাশ্বিংটন সুন্দৰ, ক্ৰুনাল পাণ্ডিয়া, ভুৱনেশ্বৰ কুমাৰ, যশপ্ৰীত বুমৰাহ, উমেশ যাদৱ, খলিল আহমেদ ৷

Your Comments