আজি জেকব চি চিমোচনৰ নেতৃত্বত ইউ এ নডি পিৰ ষ্টেট আউটৰিচ মিছনৰ এটা সঁজাতী দলে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত সাক্ষাৎ কৰি ৰাজ্যখনত ৰূপায়িত হৈ থকা বিভিন্ন জনকল্যাণকামী আঁচনিসমূহত তেওঁলোকৰ সহযোগিতা সম্পৰ্কীয় বিভিন্ন দিশৰ ওপৰত বিতং আলোচনা কৰে ৷
আলোচনাকোলত ষ্টেট আউটৰিচ মিছনে ১৯৫২ চনৰ পৰা ভাৰতৰ বিভিন্ন প্ৰান্তত জনকল্যাণকামী আঁচনিসমূহ ৰূপায়ণ, পৰ্যবেক্ষণ আৰু মূল্যায়ন আদি দিশততেওঁলোকে আগবঢ়াই অহা সহযোগিতা সম্পৰ্কত বিশদ ব্যাখ্যা আগবঢ়ায় ৷
আলোচনাকালত চিমোচনে তেওঁলোকৰ কাম-কাজ বিকেন্দ্ৰীকৰণৰ জৰিয়তে ৰাজ্যসমূহকো তেওঁলোকৰ কল্যাণকামী আঁচনিসমূহ ৰূপায়ণৰ দিশত সহযোগিতা আগবঢ়াই অহাৰ কথা উল্লেখ কৰে ৷
মিছনে অসমতো ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰি থকা বিভিন্ন কল্যাণকামী আঁচনি ৰূপায়ণৰ দিশত সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে ইচ্ছুক বুলি চিমোচনে প্ৰকাশ কৰে ৷
আলোচনাকালত মুখ্য মন্ত্ৰীয়ে ৰাজ্যখনত স্বাস্থ্য, শিক্ষা, সমাজ কল্যাণ, পঞ্চায়তীৰাজ ব্যৱস্থাৰ অধীনত ৰূপায়িত হৈ থকা আঁচনিসমূহৰ পৰ্যবেক্ষণ, মূল্যায়ন আদি দিশৰ ওপৰত মিছনক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ৷
- Log in to post comments
- 6 views