চুতীয়া ছাত্ৰ সন্থাৰ আমৰণ অনশন

আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ আমৰণ অনশন কৰ্মসূচী৷ চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ লগতে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান চতুৰ্থন দলঙৰ নাম ‘বীৰঙ্গনা সাধনী সেতু’ নামেৰে নামাকৰণ কৰাৰ দাবী উত্থাপন কৰিছে সংগঠনেটাৰ নেতৃবৰ্গই৷ চুতীয়া ছাত্ৰ সন্থাই ৭ ব’হাগৰ দিনটো ‘বীৰঙ্গনা সাধনী দিৱস’ হিচাপে চৰকাৰী বন্ধ ঘোষণা কৰাৰো দাবী কৰে৷ উল্লেখ্য যে যোৱা ১৩ এপ্ৰিলৰ পৰা যোৰহাটত চুতীয়া ছাত্ৰ সন্থাই আমৰণ অনশনৰ কাৰ্মসূচী গ্ৰহণ কৰিছিল৷ ১৯ এপ্ৰিল তাৰিখে মুখ্যমন্ত্ৰীৰ প্ৰতিনিধ হিচাপে মন্ত্ৰী ৰঞ্জিত দত্তৰ নেতৃত্ব সাংসদ কামাখ্যা প্ৰসাদ তাছা, উজনি অসমৰ আয়ুক্ত আৰু যোৰহাট জিলাৰ উপায়ুক্তই অনশনকাৰীসকলৰ লগত আলোচনা কৰিছিল৷ দুমাহৰ ভিতৰত দাবীসমূহৰ সমাধানৰ বাবে মুখ্যমন্ত্ৰী পৰ্যায়ত আলোচনা কৰিব বুলি প্ৰতিশ্ৰতি দিছিল৷ সেই প্ৰতিশ্ৰুতি আজিও কাৰ্যকৰী নকৰাত চুতীয়া ছাত্ৰ সন্তাই পুনৰ আমৰণ অনশন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছে ৷

(চুতীয়া জনগোষ্ঠীক অনুসূচীত জনজাতিৰ মৰ্য্যদা প্ৰদান কৰাৰ দাবীত আমৰণ অনশন কাৰ্যসূচী, স্থানঃ- লক্ষীধৰ বৰা ক্ষেত্ৰ, আমবাৰী, গুৱাহাটী)