চৰকাৰৰ অসমৰ স্বাৰ্থ ৰক্ষাত বিফলতা-প্ৰতাৰণাই নৱপ্ৰজন্ম আলফালৈ ধাপলি মেলাৰ কাৰণ : দেৱব্ৰত শইকীয়া

চৰকাৰৰ অসমৰ স্বাৰ্থ ৰক্ষাত বিফলতা-প্ৰতাৰণাই নৱপ্ৰজন্ম আলফালৈ ধাপলি মেলাৰ কাৰণ : দেৱব্ৰত শইকীয়া

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ই বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাত সৃষ্টি কৰা ক্ষোভৰ পৰিণতিস্বৰূপে বহুকেইজন যুৱক-যুৱতীয়ে আকৌ আলফা (স্বাধীন)ত যোগদান কৰিবলৈ ধাপলি মেলিছে বুলি অসম আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালক প্ৰধান, তিনিচুকীয়াৰ আৰক্ষী অধীক্ষককে আদি কৰি শীৰ্ষ আৰক্ষী বিষয়াই স্বীকাৰ কৰা কাৰ্যই সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনৰ অসমৰ স্বাৰ্থ ৰক্ষা কৰাত বিফলতা তথা প্ৰতাৰণা কৰাৰ প্ৰৱণতা পুনৰ উদঙাই দিছে বুলি মন্তব্য কৰিছে বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷

আজি এক প্ৰেছ বিবৃতিযোগে শইকীয়াই কয় যে কংগ্ৰেছৰ শাসনকালত ২০০১ চনৰ পৰা প্ৰায় ডেৰ দশককাল আলফাৰ জনপ্ৰিয়তা ক্ৰমান্বয়ে হ্ৰাস পাই আহিছিল৷ কিন্তু বিজেপি চৰকাৰে জাতিবিৰোধী বিধেয়কখন অনাৰ বাবে আৰু সৰ্বানন্দ সোণোৱাল চৰকাৰে ইয়াৰ বিৰুদ্ধে সবল স্থিতি গ্ৰহণ নকৰাৰ বাবে বৰ্তমানে অসমৰ উঠি অহা চামে পুনৰ সশস্ত্ৰ সংগ্ৰামত নামি পৰিবলৈ উদগনি পাইছে ৷

ইয়াৰ উপৰি কৰ্মসংস্থাপনৰ লগতে এমজি এনৰেগাকে ধৰি উন্নয়নমূলক আঁচনি স্থবিৰ হৈ পৰাত যুৱচামৰ মাজত হাতাশা আৰু উদ্বেগ বৃদ্ধি পাইছে আৰু আলফাৰ প্ৰতি তেওঁলোক আকৃষ্ট হোৱাৰ ইয়ো এটা কাৰণ ৷ 

বিৰোধী দলপতিগৰাকীয়ে কয় যে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে যি আধাখুন্দা ব্যৱস্থা লৈছে, সেয়া ফুটুকাৰ ফেনহে৷ কাৰণ কয়লা-শিল-বালি-চূপাৰি আদি ছিণ্ডিকেটৰ দপ্‌দপনিৰ বাতৰি সৰ্বত্ৰে প্ৰকাশ পোৱাৰ পিছতো আজিলৈকে বিষয়টো চিবিআইৰ দ্বাৰা তদন্ত কৰোৱাৰ সৎ সাহস মুখ্য মন্ত্ৰীয়ে গোটাব নোৱাৰিলে ৷

ঠিক তেনেদৰে কিছু দিনৰ পূৰ্বে বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত আৰু সদ্যহতে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত কম সময়ৰ ভিতৰত বহু কেইজন নৱজাতকৰ সন্দেহজনকভাৱে মৃত্যু হোৱা আৰু স্বাস্থ্য বিভাগক যোগানকাৰীয়ে নিম্নমানৰ ঔষধ আৰু চিকিৎসা সামগ্ৰী যোগান ধৰাৰ কথা বিধানসভাত উন্মোচন হোৱাৰ পিছতো মুখ্য মন্ত্ৰীয়ে এই সন্দৰ্ভত নিৰ্লিপ্ত ভূমিকা অৱলম্বন কৰিছে ৷

শইকীয়াই লগতে কয় যে সোণোৱাল নেতৃত্বাধীন চৰকাৰ এই গতিত চলিলে অসম আকৌ অশান্তি আৰু শূন্য বিকাশৰ দিনলৈ উভিত যাব, যিটো ৰাইজে কেতিয়াও নিবিচাৰে ৷

Your Comments