এম বি বি এছ পাঠ্যক্ৰমত পৰিৱৰ্তনৰ প্ৰস্তুতি : মানসিক স্বাস্থ্যত বিশেষ গুৰুত্ব

এম১বি১বি১এছ১পাঠ্যক্ৰমত১পৰিৱৰ্তনৰ১প্ৰস্তুতি১ো১মানসিক১স্বাস্থ্যত১বিশেষ১গুৰুত্ব

এতিয়া স্বাস্থ্য সজাগতাৰ যুগ । পিছে স্বাস্থ্য মানে কেৱল শৰীৰটো ভালে থাকিলেই হ'বনে ? ওহোঁ, মুঠেও নহয় । সমানেই সুস্থ-সবল-সুন্দৰ কৰি ৰাখিব লাগিব মনটোকো । অৰ্থাৎ শাৰীৰিক সুস্থতাৰ সমানেই গুৰুত্ব দিব লাগিব মানসিক স্বাস্থ্য গঢ়াতো । 

এই বাস্তৱ সত্যকেই যেন উপলব্ধি কৰিব পাৰিছে মেডিকেল কাউন্সিল অব্‌ ইণ্ডিয়া, চমুকৈ এম চি আই কৰ্তৃপক্ষই । আৰু সেয়েহে সুদীৰ্ঘ ২১ বছৰৰ মূৰত এম বি বি এছ পাঠ্যক্ৰমত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিবলৈ সাজু হৈছে এম চি আই ‌।

এম১বি১বি১এছ১পাঠ্যক্ৰমত১পৰিৱৰ্তনৰ১প্ৰস্তুতি১ো১মানসিক১স্বাস্থ্যত১বিশেষ১গুৰুত্ব

অহা ২০১৯ বৰ্ষৰপৰাই প্ৰযোজ্য হ'ব প্ৰস্তাৱিত নতুন পাঠ্যক্ৰম । য'ত বিশেষভাৱে সংযোজিত হ'ব মানসিক স্বাস্থ্য সম্পৰ্কীয় শিক্ষা । মেডিকেলৰ শিক্ষাৰ্থীৰ বাবে অপৰিহাৰ্য হৈ পৰিব মানসিক সুস্বাস্থ্য গঢ়াৰ দক্ষতা ।

লগতে আৰু কিছু নতুনত্ব সংযোজিত হ'ব সংশোধিত পাঠ্যক্ৰমত । প্ৰাপ্ত তথ্য অনুসৰি, ৰাজহুৱা স্বাস্থ্য সম্পৰ্কীয় শিক্ষাও ভৱিষ্যতৰ চিকিৎসকসকলে গ্ৰহণ কৰিব লাগিব ।

য'ত ৰোগীৰ আত্মীয়সকলক তে‌ওঁলোকে ৰক্তদানৰ দৰে সমাজ সেৱা সন্দৰ্ভত বুজাব লাগিব, পতিয়ন নিয়াব পাৰিব লাগিব ।

তদুপৰি ব্যৱহাৰ, মানুহৰ সৈতে ভাৱ বিনিময়ৰ দৰে অভিনৱ পাঠ্যক্ৰমো মেডিকেল শিক্ষাত সন্নিৱিষ্ট কৰিবলৈ অগ্ৰসৰ হৈছে মেডিকেল কাউন্সিল অব্‌ ইণ্ডিয়া ।

Your Comments