চেঙাৰ পৰা সুৰজিৎ পাঠক
নলবাৰী জিলাৰ দৌলাশালত অৱস্থিত চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ সদৰ কাৰ্যালয়ত আজি পুৱা ১০ বজাৰ পৰা দীক্ষান্ত সমাৰোহ অনুষ্ঠান এটি অনুষ্ঠিত হয় । অসম আৰক্ষীৰ ১১৪নং বেটছৰ প্ৰশিক্ষাৰ্থীসকলক অসমৰ চাৰিটা আৰক্ষী বাহিনীত যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা নমহীয়া প্ৰশিক্ষণ দি থকা হৈছিল ।
ইয়াৰ ভিতৰত চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ দৌলাশালস্থিত সদৰ কাৰ্যালয়তো ১৪৭জন এ পি আৰ অ' (APRO)ৰ জোৱানক প্ৰশিক্ষণ দি থকা হৈছে । যোৱা ২২ অক্টোবৰত প্ৰশিক্ষণৰ অন্ত পৰে যদিও আজি আনুষ্ঠানিকভাৱে চাৰিওটা আৰক্ষী বাহিনীত দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হোৱা বুলি জানিব পৰা গৈছে ।
চতুৰ্দশ অসম আৰক্ষী বাহিনীত প্ৰশিক্ষণপ্ৰাপ্ত ১৪৭গৰাকী জোৱানক আজি আনুষ্ঠানিকভাৱে শপত বাক্য পাঠ কৰোৱায় বাহিনীটোৰ অধিনায়ক দেৱেন্দ্ৰ ডেকাই । প্ৰশিক্ষিত জোৱানসকলে আৰক্ষীৰ অলংকাৰস্বৰূপ বিভিন্ন কুচকাৱাজ প্ৰদৰ্শন কৰি ৰাইজক আপ্লুত কৰে । আজিৰ পৰা অসম আৰক্ষী হিচাপে পৰিচিত এই জোৱানসকলক উদ্দেশ্যি অধিনায়ক দেৱেন্দ্ৰ ডেকাই অতি তাৎপৰ্যপূৰ্ণ বক্তব্যৰে বিভিন্ন পৰামৰ্শ আগবঢ়ায় ।
আজিৰ অনুষ্ঠানটোতে বিভিন্ন শিতানত পাৰদৰ্শিতা দেখুওৱা প্ৰশিক্ষাৰ্থী জোৱান কৃষ্ণকান্ত বৰ্মন, ইলিয়াচ হুছেইন, ধৰ্মেশ্বৰ গগৈ, সমৰ বৰা, চিৰঞ্জীৱ গাম, অনুপম আৰন্ধৰা, নৱজ্যোতি খনিকৰ আৰু একমাত্ৰ মহিলা প্ৰশিক্ষাৰ্থী জোনমণি টাইক বিশেষ পাৰদৰ্শিতাৰ বাবে বঁটাৰ লগতে একোখন মানপত্ৰ প্ৰদান কৰে অধিনায়কগৰাকীয়ে ।
আনহাতে, আজিয়েই উক্ত প্ৰশিক্ষণপ্ৰাপ্ত জোৱানসকলে নিৰ্মাণ কৰি দান কৰা এটি জিৰণিচ'ৰা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অধিনায়ক দেৱেন্দ্ৰ ডেকাই । উল্লেখ্য যে আৰক্ষীৰ স্বচ্ছতা আৰু অনুশাসনক সদায় অগ্ৰাধিকাৰ দি অহা নিষ্ঠাৱান আৰক্ষী বিষয়া দেৱেন্দ্ৰ ডেকাৰ প্ৰগতিশীল ধ্যান-ধাৰণাৰ বাবে বাহিনীটোৰ বিষয়া-কৰ্মচাৰী আৰু জোৱানসকলৰ লগতে স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰিছে ।
আজিৰ দীক্ষান্ত সমাৰোহত বাহিনীৰ জোৱানসকলৰ লগতে দৌলাশাল উন্নতি সাধিনী সভাৰ সভাপতি অকণ চন্দ্ৰ চৌধুৰী, দৌলাশাল হাইস্কুলৰ প্ৰধান শিক্ষক ভৱেন কুমাৰ কলিতা, শিক্ষক জয়ন্ত দাস, অধিনায়ক দেৱেন্দ্ৰ ডেকাৰ সহধৰ্মিণী কুঞ্জলতা ডেকা, প্ৰশিক্ষাৰ্থীসকলৰ একাংশ অভিভাৱক আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ।
- Log in to post comments
- 6 views