ভাৰতীয় ছিগো কাই কাৰাটে ডো এছ'চিয়েচন (Seigo Kai Karate - Do Assocation Of India)ৰ স্বীকৃতিপ্ৰাপ্ত অসম ছিগো কাই কাৰাটে-ডো একাডেমীৰ উদ্যোগত দেওবাৰে বঙাইগাঁও চহৰৰ ৰে'লৱে অ'ল্ড কলনীস্থিত ৰে'লৱে ইনষ্টিটিউটত কাৰাটে গ্ৰেডিং আৰু বাছনি পৰীক্ষা অনুষ্ঠিত হয় ৷
প্ৰথমবাৰৰ বাবে অসমৰ বঙাইগাঁৱত অনুষ্ঠিত ছিগো কাই কাৰাটে-ডোৰ গ্ৰেডিং আৰু বাছনি পৰীক্ষাত বঙাইগাঁও আৰু চিৰাং জিলাৰ ৩০গৰাকীতকৈ অধিক প্ৰশিক্ষাৰ্থী অৱতীৰ্ণ হয় ৷
উল্লেখ্য যে ছিগো কাই কাৰাটে-ডো এছ'চিয়েচনৰ অধীনত অসম ছিগো কাই কাৰাটে-ডো একাডেমীখন দেওবাৰে মুকলি কৰা হয় ৷ একাডেমীখন ভাৰতীয় ছিগো কাই কাৰাটে-ডো এছ'চিয়েচনৰ দিল্লীস্থিত সভাপতি তৰুণ চক্ৰৱৰ্তীয়ে মুকলি কৰে ৷
এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত এছ'চিয়েচনৰ সাধাৰণ সম্পাদক কলকাতাৰ বিমল কৰ্মকাৰ, এছ'চিয়েচনৰ উত্তৰ-পূৰ্বাঞ্চলৰ সাধাৰণ সম্পাদক মণিপুৰৰ ৱাশ্বিংটন মিটেই (Washington Meetei) আৰু একাডেমীৰ সাধাৰণ সম্পাদক পাৰ্থ ভট্টাচাৰ্য উপস্থিত থাকে ৷ অনুষ্ঠানটো আঁতধৰে একাডেমীৰ কাৰ্যকৰী সভাপতি দ্বিপেন বৰাই ৷
ইপিনে ইয়াৰ পিছতে অনুষ্ঠিত সংবাদমেলত এছ'চিয়েচনৰ সভাপতি তৰুণ চক্ৰৱৰ্তীয়ে কয় যে অসমৰ বঙাইগাঁৱত প্ৰথম একাডেমী মুকলি কৰা হৈছে আৰু ইয়াৰ পৰাই পৰ্যায়ক্ৰমে ৰাজ্যখনৰ আন আন জিলাত মুকলি কৰা হ'ব ৷
তেওঁ ইয়াৰ জৰিয়তে জিলা, ৰাজ্যিক তথা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ খেলুৱৈৰ সৃষ্টি হ'ব বুলি আশা প্ৰকাশ কৰে ৷ আনহাতে, একাডেমীৰ সাধাৰণ সম্পাদক পাৰ্থজিৎ ভট্টাচাৰ্যই কয় যে ছিগো কাই কাৰাটে-ডো এছ'চিয়েচনৰ ৰাজ্যিক সমিতিৰ মুখ্য কাৰ্যালয়টো ইয়াতে হ'ব আৰু ইয়াৰ পৰাই ৰাজ্যখনৰ অন্যান্য ঠাইত ছিগো কাই কাৰাটেৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হ'ব ৷
- Log in to post comments
- 5 views