৭০টা জাতীয়-জনগোষ্ঠীয় ঐক্যমঞ্চৰ প্ৰতিবাদত উত্তাল গোলাঘাটৰ ৰাজপথ

৭০টা জাতীয়-জনগোষ্ঠীয় ঐক্যমঞ্চৰ প্ৰতিবাদত উত্তাল গোলাঘাটৰ ৰাজপথ

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন

দ্বিতীয়খন শৰাইঘাট যুদ্ধৰ ঘোষণাৰে আজি ৭০টাকৈ জাতীয়-জনগোষ্ঠীয় ঐক্যমঞ্চই গোলাঘাট চহৰৰ চুকাফা চাৰ্কোলৰ পৰা এক  প্ৰতিবাদী ৰেলী বাহিৰ কৰে ।

৭০টা জাতীয়-জনগোষ্ঠীয় ঐক্যমঞ্চৰ প্ৰতিবাদত উত্তাল গোলাঘাটৰ ৰাজপথ

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে তথা বৃহৎ অসমীয়া জাতিৰ ভাষা, সংস্কৃতি, অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত বাইক ৰেলীৰে সজাগতা সৃষ্টি কৰি গোলাঘাটৰ বিভিন্ন অঞ্চল প্ৰধানকৈ ফৰকাটিং, গৰঙা, বৰুৱাগাঁও, আঠখেলীয়া, কমাৰবন্ধা, কছাৰীহাট, অকাআলি, ঢেকীয়াল, বেতিয়নী, চিনাতলি হৈ চৰকাৰৰ বিৰুদ্ধে শ্লোগানেৰে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ কোনো কাৰণতে মানি নোলোৱাৰ কথা স্পষ্ট কৰাৰ লগতে এক উত্তাল পৰিবেশৰ সৃষ্টি কৰে ।

জিলাখনৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰাৰ পিছত বৃহৎ বাইক ৰেলীটো জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাৰ্যালয়ত এই কাৰ্যসূচীৰ সামৰণি পেলায় । হাজাৰোধিক ছাত্ৰকৰ্মীয়ে অংশ লোৱা কাৰ্যসূচীটো শুভাৰম্ভ কৰে জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে ।

Your Comments